প্ৰাচীৰ পত্রিকা #LUSTRE উন্মোচন

0
62

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১১ জানুৱাৰী ২১ঃ যোৱা ৯ জানুৱাৰী ২০২১ তাৰিখে মৰিগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰাচীৰ পত্ৰিকা ‘‌#LUSTRE’ৰ শুভ উন্মোচন কৰা হয়।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উন্মোচন কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক পুষ্পজ্যোতি মহন্তই আৰু তেওঁক সহায় কৰে ৰসায়ন বিভাগৰ প্ৰবক্তা অৰিস্মা বুঢ়াগোহাঁইয়ে।

উক্ত কাৰ্যসূচীত মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰৰ লগতে ৰসায়ন বিভাগৰ সকলো‌ প্ৰবক্তা উপস্থিত থাকে।

প্ৰাচীৰ পত্রিকাখনৰ উন্মোচক অধ্যাপক পুষ্পজ্যোতি মহন্তই তেওঁৰ ভাষণত ছাত্র-ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰাল কৈ সাহিত্যৰ ক্ষেত্ৰখনো সমানে আগুৱাই নিবলৈ কয়।

মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষই সকলো ছাত্র-ছাত্ৰীক উদ্দেশ্যি কয় যে প্ৰাচীৰ পত্রিকা এখন হৈছে এটা বিভাগৰ অপৰিহাৰ্য অংগ।

বৰ্তমান সময়ত প্ৰাচীৰ পত্রিকাৰ প্ৰাসংগিকতাৰ কথা বুজাবলৈ গৈ তেখেতে কয় যে প্ৰতি এবছৰৰ মূৰে-মূৰে বিভাগীয় প্ৰাচীৰ পত্রিকাখনৰ শুভ উন্মোচনৰ পৰিৱৰ্তে প্ৰতি ছমাহৰ মূৰে-মূৰে শুভ উন্মোচন কৰিলে নিশ্চয় ছাত্র-ছাত্ৰীসকল আৰু অধিক উপকৃত হ’ব।

ইয়াৰোপৰি ৰসায়ন বিভাগৰ প্ৰবক্তা ক্ৰমে ড° মুৰচিদ ইমান আৰু অৰিস্মা বুঢ়াগোহাঁইয়েও ছাত্র-ছাত্ৰীসকলক প্ৰাচীৰ পত্রিকাৰ বৰ্তমান সময়ত আহি পৰা প্ৰাসংগিকতাৰ বিষয়ে তেখেতলোকৰ ভাষণত বুজাই দিয়ে।

এনেকৈ সকলোৰে উপস্থিতি তথা সহায় সহযোগিতাত প্ৰাচীৰ পত্রিকাখনৰ উন্মোচন কাৰ্যসূচীৰ শুভ সমাপ্তি ঘটে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here