গুৱাহাটী স্থিত ষ্টোৰীটেলাৰ্ছত সফলতাৰে অনুষ্ঠিত হ’ল দুদিনীয়া প্ৰদৰ্শনী

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১১ জানুৱাৰী ২১ঃ বছ নেটৱৰ্কৰ মহিলা উদ্যোগপতিসকলৰ দ্বাৰা গৃহ-উৎপাদিত সামগ্ৰীৰ দুদিনীয়া প্ৰদৰ্শনী-বনাম-বিক্ৰী যোৱা ৮ আৰু ৯ জানুৱাৰীত গুৱাহাটী স্থিত এছিয়ান পেলেচ কমপ্লেক্সত অৱস্থিত ষ্টোৰীটেলাৰ্ছত ষ্টোৰত সফলতাৰে অনুষ্ঠিত কৰা হয়।

‘বছ নেটৱৰ্ক’ আৰু ‘ষ্টোৰীটেলাৰ্ছ’ৰ যৌথ প্ৰচেষ্টাত এই প্ৰদৰ্শনীখনে কলাত্মক আৰু সৃষ্টিশীল মহিলাৰ দ্বাৰা নিৰ্মাণ কৰা হস্তনিৰ্মিত সামগ্ৰীৰ এক অভিনৱ পৰিসৰ প্ৰদৰ্শনৰ বাবে দৰ্শনাৰ্থীসকলৰ দ্বাৰা যথেষ্ট প্ৰশংসিত হৈছিল।

ই আছিল মহিলাসকলৰ দ্বাৰা ধাৰণাবোৰৰ এক অতুলনীয় আৰু বিকশিত অভিব্যক্তি, যাৰ দ্বাৰা মহিলাসকলে নিজৰ এক সুকীয়া স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

মহিলাৰ উদ্যমীতা আৰু সৱলীকৰণৰ সুবিধাৰ বাবে প্ৰদৰ্শনীখন আছিল এখন নিখুঁত মঞ্চ।

‘গুৱাহাটী ম’মছ ট্ৰাইব’ হৈছে গুৱাহাটীৰ মহিলাসকলৰ বাবে বিভিন্ন সামগ্ৰীৰ বাবে এক অনলাইন প্ৰমোচনমূলক পৃষ্ঠা, ‘বছ নেটৱৰ্ক’ হৈছে বিকাশ আৰু প্ৰতিস্থাপন কৰা মহিলা উদ্যোগপতিসকলৰ বাবে এক নেটৱৰ্ক।

দুয়োটা অনলাইন নেটৱৰ্কৰ প্ৰতিষ্ঠাতা গুৱাহাটীৰ উদ্যোগী পাৱেল আগৰৱাল জৈনে।

এই মঞ্চবোৰে অভিজ্ঞতাপ্ৰাপ্ত আৰু উদীয়মান উদ্যোগপতিসকলক নিজৰ উদ্যোগ আৰু বজাৰ স্থাপন কৰাত যথেষ্ট সহায় কৰিছে।

বছ নেটৱৰ্কৰ বয়স মাত্ৰ তিনি মাহ যদিও ইয়াত এশৰো অধিক গ্ৰাহক আছে।

ই চহৰৰ বিভিন্ন উদ্যোগী, ডিজাইনাৰ, শিল্পী, বেকাৰ, চেলুন আদিৰ প্ৰয়োজনীয়তা দক্ষতাৰে কাম কৰি পূৰণ কৰি আছে।

সুৰুচি বাজাজ আৰু চলোনী লাধা সাবুৰ উদ্যোগ, ‘ষ্টোৰীটেলাৰ্ছ’ হৈছে নৰ্থইষ্টৰ প্ৰথম মাল্টি-ডিজাইনাৰ ষ্টোৰ। ইয়াত দেশৰ সৰ্বোৎকৃষ্ট ডিজায়াৰসকল আছে।

পায়েল আগৰৱালা জৈনে কয় যে “এই অনুষ্ঠানৰ উদ্দেশ্য আছিল চহৰখনৰ মহিলা উদ্যোগীসকলক সুযোগ প্ৰদান কৰি তেওঁলোকক আলোকপাত কৰা, যিয়ে তেওঁলোকৰ ব্যৱসায় বিকশিত কৰাত সহায় কৰিব, বিশেষকৈ এই ক’ভিডৰ সময়ত, য’ত এনে এটা যোগাযোগ পূৰ্বে কেতিয়াও নাছিল,”।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here