শিৱসাগৰ নাট্যমন্দিৰত কেৱল মহিলাৰ দ্বাৰা অভিনীত “ৰামকৃষ্ণৰ গুৰু দক্ষিণা” ভাওনা প্ৰদৰ্শন

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১২ জানুৱাৰী ২১ঃ সদৌ অসম ভাওনা প্ৰতিযোগিতাত বঁটাপ্ৰাপক নাট্যদল শ্যামকানু নাট্যগোষ্ঠীৰ উদ্যোগত আৰু পৰাগ দাস-হৰি হাজৰিকাৰ সহযোগত ভগৱতী প্ৰসাদ বৰুৱা ৰংগমঞ্চ-শিৱসাগৰ নাট্যমন্দিৰত ঐতিহাসিক শিৱসাগৰৰ মহিলা শিল্পীসকলৰ দ্বাৰা অভিনীত ৰামকৃষ্ণৰ গুৰু দক্ষিণা শীৰ্ষক ভাওনা মঞ্চস্থ হয়৷

উৎপলা দাসে আঁতধৰা আৰু কুকিল দত্তই পৰিচালনা কৰা ভাওনাৰ শুভাৰম্ভণি অনুষ্ঠানত জ্যেষ্ঠ সমাজসেৱিকা দেৱবালা গগৈ, ধৰ্মপ্ৰাণ ব্যক্তি সৰ্বানন্দ কলিতা, বিশিষ্ট অভিনেতা-পৰিচালক সঞ্জীৱ বৰা, নাট পৰিচালক দীপক দত্ত আদিক শ্যামকানু নাট্য গোষ্ঠীৰ তৰফৰ পৰা মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে পংকজ দাস আৰু হৰি হাজৰিকাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

উল্লেখযোগ্য যে, “ৰাম কৃষ্ণৰ গুৰু দক্ষিণা” নাটখনিয়ে সাংস্কৃতিকপ্ৰেমী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here