প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১২ জানুৱাৰী ২১ঃ গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশব ধামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰমুখ্যে আন আন সম ভাবাপন্ন ভাতৃ সংগঠনৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে গুৱাহাটী কাৰ্য্যালয় মুকলি কৰা হয় বুলি বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ প্ৰমুখ জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে এক প্ৰেছ বিজ্ঞাপ্তি যোগে সদৰী কৰে৷
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘচালক গুৰু প্ৰসাদ মেধি, বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি শুভৰাম বৰা, শ্ৰীৰাম ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতি অসমৰ অভিযান প্ৰমুখ ব্ৰজজ্যোতি শৰ্মা, গুৱাহাটী সমিতিৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, অভিযান প্ৰমুখ চন্দন ৰাভা আদি বিষয়ববীয়াসকলৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত এই কাৰ্য্যালয় মুকলি কৰি নিধি সমৰ্পণ অভিযান শৃংখলাবদ্ধভাৱে আগবঢ়াই নিবলৈ বিভিন্নজনে পৰামৰ্শ দিয়ে৷
পূৰ্বোত্তৰৰ ধৰ্মপ্ৰাণ ৰাইজৰ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত কোনো অঞ্চলৰ কোনো ভক্তিপ্ৰাণ লোক যাতে নিধি সমৰ্পণত বঞ্চিত নহয় তাৰ বাবে প্ৰতিঘৰৰে দুৱাৰে দুৱাৰে উপস্থিত হৈ সংযোগ স্থাপন কৰিবলৈ সেৱকসকলক পৰামৰ্শ দিয়া হয়৷
অহা ১৫ জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই দেশৰ আন আন ঠাইৰ লগতে অসমতো মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান চলিব৷
সেই অনুসৰি গুৱাহাটীতো অভিযান প্ৰমুখ চন্দন ৰাভাৰ নেতৃত্বত গঠিত নিধি সমৰ্পণ অভিযান গোটে প্ৰতিঘৰ মানুহৰ দুৱাৰে দুৱাৰে গৈ নিধি সংগ্ৰহ অভিযান চলাব৷