
প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১২ জানুৱাৰী ২১ঃ এয়াৰ ইণ্ডিয়াৰ মহিলা পাইলটৰ এটা দলে ৰচিলে ইতিহাস। নৰ্থ প’লৰ ওপৰেৰে বিশ্বৰ আটাইতকৈ দীৰ্ঘতম বিমানপথ অতিক্ৰম কৰিলে মহিলা পাইলটৰ দলটোৱে।
দলটোৱে ছান ফ্ৰান্সিছকোৰ পৰা ১৬,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৯ জানুৱাৰীত উপস্থিত হয় বেংগালুৰুত।
১৬ হাজাৰ কিলোমিটাৰৰ দূৰত্বৰ এই বিমান যাত্ৰাৰ নেতৃত্ব লয় কেপ্টেইন জয়া আগৰৱালে।
পূৰ্বতেও জয়াই বইং–৭৭৭ বিমান চালনৰ দ্বায়িত্বত আছিল। বইং–৭৭৭ বিমান চালনৰ দ্বায়িত্ব লাভ কৰা আটাইতকৈ কনিষ্ঠ মহিলা পাইলট আছিল জয়া।
Facebook Comments