প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৩ জানুৱাৰী ২১ঃ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু থানামুখবাসী মহিলাসকলে যুটীয়াভাৱে অহা ১৪ জানুৱাৰীত শিৱসাগৰৰ থানামুখ দিখৌঘাটত আয়োজন কৰিছে ভোগালীৰ ভোগজৰা শীৰ্ষক গীত-নৃত্যৰ এক সাংস্কৃতিক অনুষ্ঠান৷
আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ আৰু ১২ জানুৱাৰীত থানামুখৰ দৈকলঙ্গীয়া গাঁও বৰনামঘৰত বিনামূলীয়া সাজপাৰ কৰ্মশালা অনুষ্ঠিত হয়৷
কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে ববী কাকতি ডেকা, পৰিস্মিতা মেধী আৰু শিল্পী হাতীবৰুৱা দাসে ৷ কৰ্মশালাত প্ৰায় ৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷
Facebook Comments