প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৩ জানুৱাৰী ২১ঃ নগাঁও জিলাৰ শালনা ৰেঞ্জৰ অধীনৰ উদমাৰী উপ বন খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ কদমগুৰিত মঙ্গলবাৰে ম’হৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোক জন কদমগুৰিৰ নুৰ মহম্মদ(৫৪) বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, নুৰ মহম্মদে ঘৰৰ পাছফালৰ বাৰীত কাম কৰি থকাৰ সময়তে এটা উন্মাদ ম’হে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে ।পিছত নুৰক কাৱৈমাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত মৃত্যু ঘটে ।আনহাতে উক্ত ম’হটোৱে ঘটনা সংঘটিত কৰাৰ পিছত পুনৰ ৰূপহীহাটৰ শপতকাঢ়া অঞ্চলত সন্ত্ৰাস চলাই সেইগাঁৱৰ জাফৰ আলী আৰু এলিজা বেগমৰ লগতে দক্ষিণ শপতকাঢ়া গাঁৱৰ জ্যোস্নাৰা বেগম আৰু তেওঁৰ জীয়ৰী শ্বাহনাজ আখতাৰা(৬)ক আক্ৰমণ কৰি আহত কৰে। পৰৱৰ্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অঞ্চলটোত বিচৰণ কৰা বনৰীয়া ম’হটোৰ সন্ধানত অভিযান চলাই ম’হটোক গুলীয়াই নিহত কৰে ৷উল্লেখ্য যে বন বিভাগে ম’হটো স্থানীয় লোকৰ সহযোগত গুলীয়াই হত্যা কৰে বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে।