প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৩ জানুৱাৰী ২১ঃ প্ৰৱল ইচ্ছাশক্তি সফলতাৰ চাবিকাঠি। ইচ্ছাশক্তি থাকিলে সকলো কামেই সম্ভৱ। ইস্পিত লক্ষ্যত উপনিত হ’বলৈ হ’লে প্ৰয়োজন সঠিক মানসিকতাৰ। সেয়ে যি কাম কৰিলেও মানসিকতা থিক থাকিলে কৃতকাৰ্যতা লাভ কৰাটো সম্ভৱ। এই মন্তব্য বিশিষ্ট কৃষি বিজ্ঞানী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাৰ। বাকসা জিলাৰ মফচলীয় সাংবাদিক সকলৰ অনুষ্ঠান বাস্কা প্ৰেছ ক্লাৱে আয়োজন কৰা কৃতি শিক্ষক, লেখক আৱজল আলী সোঁৱৰণি মৰা পাগলাদিয়া সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত বিশেষ সম্বৰ্দ্ধনা গ্ৰহণ কৰি এইদৰে ভাষণ ৰাখে কৃষি বিজ্ঞানী গৰাকীয়ে। তেওঁ সময় অপচয় নকৰাকৈ সঠিকভাৱে কাম কৰি গ’লে সকলো পোৱাতো সম্ভৱ বুলি দোহাৰে। বৰমাৰ সু-সন্তান গৰাকীয়ে কৃষিৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈ আগবাঢ়ি যোৱাৰ কথাও দোহাৰে। বৰমাৰ নিকটৱৰ্তী খাৰুৱাস্থিত নাৰিকল ফাৰ্মত নতুনকৈ বৃহৎ নাৰ্চাৰী খোলাৰ ব্যৱস্থা কৰিব বুলিও কয়। বাস্কা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলীৰ সভাপতিত্বত আৰু সম্পাদক ভাৰত ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানত হস্তী বিশেষজ্ঞ , পদ্মশ্ৰী ড: কুশল কোঁৱৰ শৰ্মাই বিশেষ সম্বৰ্দ্ধনা গ্ৰহণ কৰি হাতীৰ সৈতে থকা তেওঁৰ আত্মিক সম্বন্ধৰ বিষয়ে ৰাইজক অৱগত কৰে। এছিয়াৰ হস্তী মানৱ খ্যাত কুশল কোঁৱৰ শৰ্মাই বৰমাত জন্ম গ্ৰহণ কৰি বৰমাৰ সমাজ জীৱনৰ পৰা পোৱা অভিজ্ঞতাৰ বিষয়ে মত পোষণ কৰে। ২০২০ বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কুশল কোঁৱৰ শৰ্মাই উপস্থিত থাকি পদ্মশ্ৰী সন্মান লাভৰ অভিজ্ঞতাৰ বিষয়ে দোহাৰি অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নমুখী চিন্তা-চেতনাক জীৱনৰ সৈতে সংপৃক্ত কৰি আগবাঢ়ি যাবলৈ কয়। ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সভা উদ্বোধন কৰি বাস্কা প্ৰেছ ক্লাৱে সমাজৰ প্ৰতি লোৱা লোৱা দায়বদ্ধতাৰ বিষয়ে বক্তব্য ৰাখে। অনুষ্ঠানত কৃতি শিক্ষক, লেখক আৱজল আলী সোঁৱৰণি মৰাপাগলাদিয়া সাহিত্য বঁটা বিশিষ্ট লেখিকা মনিষা শৰ্মাক প্ৰদান কৰা হয়। মানপত্ৰ, স্মাৰক, গামোচা, চেলেং, ফুলাম জাপি,আদিৰে সম্ভাষণ জনোৱা মনিষা শৰ্মাই কেইবাখনো পুথি ৰচনা কৰি ইতুমধ্যে সমাদৃত হৈছে। বঁটা গ্ৰহণ কৰি এই বঁটাই তেওঁক নতুন প্ৰেৰণা দিয়া বুলি ভাষণ ৰাখে। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখক তথা অনুবাদক বিপুল দেউৰীয়ে কাব্যিক ভাৱনাৰ ওপৰত বক্তব্য ৰাখি সাহিত্য সাধনাৰ বস্তু বুলিও কয়। ইয়াৰোপৰি পুৱা বাস্কা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে আলকাচ আলীয়ে। কৃতি শিক্ষক আৱজল আলীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বাস্কা প্ৰেছ ক্লাৱৰ উপদেষ্টা দিলীপ কুমাৰ হালৈয়ে। স্মৃতি তৰ্পণ কৰে কামাল ঈৰছাদ জাহাংগীৰে।
ইস্পিত লক্ষ্যত উপনিত হ’বলৈ সঠিক মানসিকতাৰ প্ৰয়োজন: ডঃ বিদ্যুৎ চন্দন ডেকা
Facebook Comments