প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ পৰা মুকুল বাইলুংৰ প্ৰতিবেদন, ১৯ জানুৱাৰী ২১ঃ মাতৃভাষা, মাতৃভুমি আৰু মানৱ সম্পদ গঢ়াৰ প্ৰতি দায়বদ্ধ, শিৱসাগৰ জিলাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান বেতবাৰী জাতীয় বিদ্যাপীঠ,বহুজন জ্ঞানন্বেষী ব্যক্তিৰ আশাশুধীয়া কষ্ট আৰু ত্যাগৰ ফলশ্ৰুতিত গঢ়লৈ উঠা এই বিদ্যালয়খনে বহু ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি শিক্ষা, সংস্কৃতি, ভাষা -সাহিত্যৰ দিশত এক প্ৰণালীবদ্ধ শিক্ষণ পদ্ধতিৰ মাধ্যমেৰে সুস্থ মানৱ সম্পদ সৃষ্টিৰে এটি সফল পৰিক্ৰমা গৰকি ১৭/১/২০২১ তাৰিখত সপ্তদশ প্ৰতিষ্ঠা দিৱসত পদাৰ্পণ কৰিলেহি।
পৃথিৱী জুৰি হোৱা সংকটকালীন অৱস্থাৰ মাজতে চৰকাৰী নীতি নিৰ্দেশনা মানি চলি উদযাপন হোৱা প্ৰতিস্থা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৯ বাজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জুমণি চেতিয়াই ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰাখী চেতিয়া গগৈয়ে,শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ শিক্ষক বিনোদ চেতিয়া আৰু গিতালী চিৰিঙে ,পুৱা১০,১৫ বজাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা এখন সুন্দৰ চিত্ৰ কলা, কাৰুকলা,কুটিৰ শিল্প আৰু বস্ত্ৰ লগতে এখন গ্ৰন্থ প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে ক্ৰমে নিমন্ত্ৰিত বিশিষ্ট সমাজ কৰ্মী মনোৰঞ্জন চেতিয়া, বিশিষ্ট শিক্ষাবিদ, প্ৰনৱ বুঢ়াগোহাঁইয়ে ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা “সৃজনী’ উন্মোচন কৰে নিমন্ত্ৰিত বিশিষ্ট সমাজ কৰ্মী তথা বিদ্যালয় পৰিদৰ্শক যদুমণি চেতিয়াই।
১২ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সমাজ কৰ্মী মুক্তি গগৈয়ে সভাখনৰ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ বিমান কোঁৱৰ দেৱে, নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই বিশিষ্ট সমাজকৰ্মী তথা বেতবাৰী শাখা সাহিত্য সভাৰ সম্পাদক ৰঞ্জন কোঁৱৰে তেওঁ ভাষণ প্ৰসংগত কয় যে আজিৰ সময়ত শিক্ষাৰ দিশত বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ ফলাফল লাভ কৰি আমাক আনন্দিত কৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকক সম্বৰ্ধনা জনায়, অভিনন্দন জনায় কিন্তু অতি লক্ষণীয় কথাটো হ’ল সেই ছাত্র-ছাত্ৰীসকলৰ পৰা আমি মানৱ জাতিটোৰ বাবে যি আশা কৰা হয় সেই আশাত উপনিত নহৈ আমাক আশাহত কৰে, গতিকে আমি এই কথাবোৰ ওপৰতো ভাল দৰে পৰ্যবেক্ষন কৰি তেখেতসকলক আগবঢ়াই নিয়াটো আমাৰ, শিক্ষক তথা অভিভাৱক আৰু সচেতন ব্যক্তিসকলৰ দায়িত্ব আৰু কৰ্তব্য বুলি মন্তব্য আগবঢ়াই, সভাত বক্তব্য ৰাখে শিক্ষক আৰুণ চেতিয়া, বিমান কোঁৱৰ, যদুমণি চেতিয়াই।
সভাৰ কাৰ্য্যসূচীৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক’ৰ’না মহামাৰী আৰু ছাত্র-ছাত্ৰী জীৱনত ইয়াৰ প্ৰভাৱ শীৰ্ষক এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়, অনুষ্ঠানৰ আঁতধৰে বিদ্যালয়ৰ উপাধ্যক্ষ ৰিদিপ বৰুৱাই, ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশ কৰা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্য্যসূচীসমূহেও উপস্থিত দৰ্শক সকলক আমোদ দিয়ে।
বিদ্যালয়ৰ শিক্ষক আব্দুল কৰিম আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি পৰে।