ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা

0
18

প্ৰাগজ্যোতিষ বাৰ্তা, মৰিগাঁৱৰ পৰা মনীষা শৰ্মা, ২৩ জানুৱাৰী ২১ঃ যোৱা ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া মৰিগাঁও জিলাৰ অন্তৰ্গত দায়াং বেলগুৰিত জোনবিল মেলা অনুষ্ঠিত হয়।

দ্বিতীয় দিনা ,ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলাত তোৰণ তিৱা স্বায়ত্ব পৰিষদৰ দ্বাৰা এই মেলাত বিনিময় হাট হয়।

পাহাৰ-ভৈয়ামৰ মাজত সমন্বয়ৰ প্ৰতীক হিচাপে এই মেলাত এক সুকীয়া পৰিচয় পোৱা যায়।

পাহাৰ-ভৈয়ামৰ মামা-মামীসকলে আদা নহৰু ,চাউল বা আন আন সামগ্ৰীৰ বিনিময়ত এই মেলাত অন্যান্য বস্তুৰ আদান প্ৰদান হয়।

ভাৰতৰ ভিতৰত এইখনে এখন ঐতিহাসিক বিনিময় হাট। ইয়াত টকা পাইচাৰে বস্তু ক্ৰয় নহয়।

কিন্তু বিনিময় হাটত  যি বিনিময় ব্যৱস্থা সেয়া দ্বিতীয় দিনা একেবাৰে পুৱাৰ ভাগত হয়।

ইয়াত বিভিন্ন জাতি -জনজাতিৰ লোকসকলে  থলুৱা খাদ্য প্ৰস্তুত কৰে। ইয়াত বিভিন্ন ধৰণৰ থলুৱা লোকৰ  সা-সামগ্ৰীৰ,নৃত্য প্ৰদৰ্শন বা আন আন অনুষ্ঠান আদি এই মেলা অনুষ্ঠিত হয়।তৃতীয় দিনা এই মেলাৰ সামৰণি পৰে।

জোনবিল মেলাৰ মুকলি মঞ্চত অনুষ্ঠিত হয় গোভা ৰাজ্যৰ ঐতিহাসিক ৰাজদৰবাৰ।

মূৰত জবা আৰু নাৰ্জি ফুলৰ মালা পিন্ধি টাগলা পৰিহিত ১৮জন তিৱা ৰজাৰ লগতে গোভাৰাজ্যৰ ৰাজ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

১৮জনকৈ তিৱা ৰজাক ৰাজ্য চৰকাৰে আগবঢ়াৱা এক লাখ টকাকৈ ৰাজ ভাট্টা প্ৰদান কৰা হয়।

ইপিনে কেইবাজনো লোককৃষ্টি গৱেষকৰ লগতে অসমৰ প্ৰাক্তন মুখ্য সচিব সঞ্জয় কৃষ্ণই অংশগ্ৰহণ কৰে।ইয়াৰ পূৰ্বে জোনবিলত সমূহীয়া ভাৱে মাছ মাৰে ৰাইজ আৰু গোভা ৰাজ্যৰ লোকসকলে।তদুপৰি মেলাত তিৱা কৃষ্টি দলসমূহে তিৱা নৃত্য গীত পৰিবেশন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here