জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰণ কৰিলে মাটিৰ পট্টা

0
1

প্ৰাগডেস্ক, ২৩ জানুৱাৰী ২১ঃ আজি পূৱাৰ ভাগতে প্ৰধানমন্ত্ৰীয়ে অসমৰ শিৱসাগৰৰ জেৰেঙা পথাৰত ১.০৬ লাখ ভূমি পট্টা/আৱণ্টন প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীত ভাগ লৈ নিজ হাতে ভালেকেইগৰাকী ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰে।

ৰাজ্যিক থলুৱা লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ এক জৰুৰী প্ৰয়োজনীয়তা ক’লে, অসম চৰকাৰে থলুৱা লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ ওপৰত নতুনকৈ গুৰুত্ব দি এক বিস্তৃত নতুন ভূমি নীতি উলিয়াইছিল।

তেওঁলোকৰ মাজত নিৰাপত্তাৰ অনুভূতি সৃষ্টি কৰাৰ বাবে অসমৰ থলুৱা লোকসকলৰ বাবে পাট্টা/আৱণ্টন প্ৰমাণপত্ৰ জাৰী কৰাটো সৰ্বোচ্চ প্ৰাথমিকতা দিয়া হৈছে।

২০১৬ চনত অসমত ৫.৭৫ লাখ ভূমিহীন পৰিয়াল আছিল।

বৰ্তমান চৰকাৰে ২০১৬ চনৰ মে’ মাহৰ পৰা ২.২৮ লাখ ভূমি পট্টা/আৱণ্টন প্ৰমাণপত্ৰ বিতৰণ কৰিছে।

২৩ জানুৱাৰীত অনুষ্ঠানটো এই প্ৰক্ৰিয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

এই বৃহৎ ভূমি পট্টা প্ৰদান অনুষ্ঠানটোৱে অসমবাসীক উৎসাহিত কৰিছে।

আজিৰ এই ভূমি পট্টা প্ৰদান অনুষ্ঠানটোত অসমীয়াতে ৰাইজক ভোগালী বিহু আৰু ইংৰাজী নৱ-বৰ্ষৰ ওলগ জনাই আৰম্ভ কৰা ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে এই বৃহৎ ভূমি পট্টা প্ৰদান প্ৰকৃয়াৰ জৰিয়তে অসমৰ জনসাধাৰণৰ স্বাভিমান, সুৰক্ষা প্ৰদানৰ লগতে অসমৰ এই মূল নিবাসীসকলক এ্ক বৃহৎ দুঃচিন্তাৰ পৰা মুক্ত কৰিলে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ৰসাল ভাষণত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ ‘অ’ মোৰ ধৰিত্ৰী আই….’ শীৰ্ষক গীতটিৰ উদ্ধৃতি দি কৃষক মাটিৰ সম্পৰ্ক সম্পৰ্কেও ব্যখ্যা আগবঢ়াই। আৰু এইসকল বহুতৰেই কৃষিমাটিত আইনগত অধিকাৰ নথকাৰ গুৰুতৰ বিষয়টোক গুৰুত্বসহকাৰে লোৱা বাবে সোণোৱাল চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে সোনকালেই অসমৰ সকলো ভূমিহী্ন মূল অসমীয়াই ভূমিৰ অধিকাৰ লাভ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ভাষণ প্ৰসংগত অসমৰ সত্ৰ আৰু বনাঞ্চলসমূহত হোৱা বেদখল মুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

এই আপাহতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মনত কোনো সংকোচ নৰখাকৈ অসমৰ জনসাধাৰণক পৰ্যায়ক্ৰমে ক’ৰ’ণা ভাইৰাছৰ দুই পালি টিকা ল’বলৈও আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here