চামগুৰি সমষ্টিৰ আমবাগানত কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৫ জানুৱাৰী ২১ঃ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত কংগ্ৰেছ দলে আগন্তুক বিধান সভা নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হৈছে৷

নগাওঁ জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমবাগানৰ জগধাত্ৰী পূজা মণ্ডপৰ বাকৰিত দেওবাৰে এখন বিশাল “যুৱ একতা সমাৰোহ’’ অনুষ্ঠিত হয় ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই আঁতধৰা সভাৰ আৰম্ভণিতে  ভেলেউগুৰিস্থিত জিলা শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ কেইবাগৰাকী নেতাই  প্ৰায় দুই সহস্ৰাধিক লোকৰ সৈতে বাইক ৰেলি কৰি চামগুৰি সমষ্টিৰ আমবাগানত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত হয়।

উক্ত সভাখনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাই বিজেপি দলক সমালোচনা কৰে।

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও অনুষ্ঠিত সমাৰোহখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

উক্ত সভাখনত সাংসদ সুস্মিতা দেৱ উপস্থিত থাকে। সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি সমাৰোহত উপস্থিত থাকে৷

কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰা মীৰা বৰঠাকুৰে নিজৰ ভাষণত,  প্ৰধান মন্ত্ৰীক বিগত সময়বোৰত দিয়া আস্বাস আৰু প্ৰতিশ্ৰুতিৰ উত্তৰ উত্তৰ বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে৷

উক্ত সভাত ৰূপহীহাট সমষ্টিৰ বিধায়ক নৰুল হুদা, কংগ্ৰেছ নেতা কামৰুল ইছলাম চৌধুৰী, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় ছিকাৰা,আই টি চেলৰ মনোজ জৈন, সম্পাদিকা কৃষ্ণা দাস,তত্বাৱধায়ক সাগৰীকা বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা,ৰাজ্যিক যুৱ কংগ্ৰেছৰ অভিজিৎ বৰা, নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা৹ দুৰ্লভ চমুৱা,লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক চপন কৰ,তিনি গৰাকী কন্ঠশিল্পী বাবু বৰুৱা, নেকিব আৰু দেৱৰাজ টানা ,প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনকে ধৰি বহুকেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here