প্ৰাগডেস্ক, গুৱাহাটী, ২৫ জানুৱাৰী ২১ঃ ২০২১বৰ্ষত ৩২গৰাকী শিশুৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিছে৷ উদ্ভাৱন, শিক্ষা, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সমাজ সেৱা আৰু সাহসিকতাৰ ক্ষেত্ৰত ব্যতিক্ৰমী দক্ষতা আৰু উল্লেখযোগ্য কাম-কাজৰ বাবে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে৷
এই পুৰস্কাৰ বিজয়ীসকল ২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩২খন জিলাৰ অন্তৰ্গত৷ ইয়াৰে ৭টা কলা আৰু সংস্কৃতি, ৯টা উদ্ভাৱন আৰু ৫টা শিক্ষাৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে প্ৰদান কৰা হৈছে৷ তদুপৰি, ৭ গৰাকীক ক্ৰীড়া শাখাত আৰু ৩ গৰাকীক সাহসিকতা আৰু এগৰাকী শিশু সমাজ সেৱাৰ দিশত সন্মানীত কৰা হৈছে৷
শিশুসকলৰ সফলতাৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে এক বাৰ্তাত কয়, ‘মই আশাবাদী যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২১এ কেৱল বঁটা বিজয়ীসকলকে প্ৰেৰিত নকৰে, বৰঞ্চ কোটি কোটি শিশুক সপোন দেখা, উচ্চাকাংক্ষী হোৱাৰ লগতে তেওঁলোকক এক লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবে উৎসাহ যোগাব৷
আহক, আমি আমাৰ ৰাষ্ট্ৰৰ সফলতা আৰু সমৃদ্ধিৰ পথত অগ্ৰসৰ হোৱাৰ দিশত ব্যক্তিগতভাৱে সৰ্বোচ্চ উজাৰি দিও।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰি শিশুসকলক শুভেচ্ছা জনোৱাৰ লগতে ক’ৰ’ণা কালতে তেওঁলোকে একো একোখন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা বাবে ভূয়সী প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২১ বঁটা বিজয়ীসকল হ’ল ক্ৰমে-
১. আমেয়া লাগুড়ু (অন্ধ্ৰপ্ৰদেশ- কলা আৰু সংস্কৃতি) ২. ব্যোম আহুজা (উত্তৰপ্ৰদেশ-কলা আৰু সংস্কৃতি) ৩. হৃদয়া আৰ কৃষ্ণণ (কেৰালা-কলা আৰু সংস্কৃতি) ৪. অনুৰাগ ৰামোলা (উত্তৰাখণ্ড-কলা আৰু সংস্কৃতি) ৫. তনুজ ছামাদ্দাৰ (অসম-কলা আৰু সংস্কৃতি) ৬. ভেনিচ কেইশাম(মনিুপুৰ-কলা আৰু সংস্কৃতি) ৭. সৌহাদ্য দে (পশ্চিমবংগ-কলা আৰু সংস্কৃতি) ৮. জ্যোতি কুমাৰী (বিহাৰ-সাহসিকতা) ৯. কুঁৱৰ দিব্যাংশ সিং (উত্তৰপ্ৰদেশ-সাহসিকতা) ১০. কামেশ্বৰ জগন্নাথ ৱাঘমেৰ (মহাৰাষ্ট্ৰ-সাহসিকতা) ১১. ৰাকেশ কৃষ্ণণ কে (কৰ্ণাটক-উদ্ভাৱন) ১২. শ্ৰীনাভ মৌজেশ আগ্ৰৱাল (মহাৰাষ্ট্ৰ-উদ্ভাৱন) ১৩. বীৰ কাশ্যপ (কৰ্ণাটক-উদ্ভাৱন) ১৪. নাম্য যোশী (পাঞ্জাৱ-উদ্ভাৱন) ১৫. আৰ্চিত ৰাহুল পাটিল (মহাৰাষ্ট্ৰ-উদ্ভাৱন) ১৬. আয়ুষ ৰঞ্জন (ছিকিম-উদ্ভাৱন) ১৭. হেমেশ চন্দাৰলাৱড়া (তেলেংগানা-উদ্ভাৱন) ১৮. চিৰাগ ভাঞ্চালী (উত্তৰপ্ৰদেশ-উদ্ভাৱন) ১৯. হৰ্মনজোট সিং (জম্মু আৰু কাশ্মীৰ-উদ্ভাৱন) ২০. মহম্মদ চাদাব (উত্তৰপ্ৰদেশ-শিক্ষা) ২১. আনন্দ (ৰাজস্থান-শিক্ষা) ২২. অন্বেশ শুভম প্ৰধান (ওড়িশা-শিক্ষা) ২৩. অনুজ জৈন (মধ্য প্ৰদেশ-শিক্ষা) ২৪. শোণিত শিশোলেকাৰ (মহাৰাষ্ট্ৰ-শিক্ষা) ২৫. প্ৰসিদ্ধা সিং (তামিলনাডু-সমাজ সেৱা) ২৬. সবিতা কুমাৰী (ঝাৰখণ্ড-ক্ৰীড়া) ২৭. আৰ্শিয়া দাস (ত্ৰিপুৰা-ক্ৰীড়া) ২৮. পলক শৰ্মা (মধ্য প্ৰদেশ-ক্ৰীড়া) ২৯. মহম্মদ ৰফি (উত্তৰপ্ৰদেশ-ক্ৰীড়া) ৩০. কাম্য কাৰ্তিকেয়ান (মহাৰাষ্ট্ৰ-ক্ৰীড়া) ৩১. খুশী চিৰাগ পেটেল (গুজৰাট-ক্ৰীড়া) ৩২. মন্ত্ৰ জিতেন্দ্ৰ হাৰ্খানী (গুজৰাট)