নতুন শব্দ অন্‌লাইন অভিধান(www.xobdo.org)ত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান

0
35

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৮ জানুৱাৰী ২১ঃ সাম্প্ৰতিক কালত যিকোনো এটা ভাষাৰ চৰ্চা আৰু উন্নয়ন অব্যাহত ৰখাৰ বাবে চাইবাৰ জগতত সেই ভাষাৰ সমল পাৰ্যমানে উপলব্ধ কৰিবলৈ প্ৰয়াস কৰাটো অত্যন্ত জৰুৰী।

বাংলা, তামিল, তেলেগু আদি অগ্ৰণী ভাৰতীয়া ভাষাৰ তুলনাত আমাৰ অসমীয়া ভাষা এই ক্ষেত্ৰত এতিয়াও যথেষ্ট পিছ পৰি আছে।

বিশেষকৈ, যিকোনো কম্পিউটাৰতে সহজে ইণ্টাৰনেটত সন্ধান কৰিব পৰাকৈ ইউনিকোড সমৰ্থিত লিপি ব্যৱহাৰ কৰি যুগুত কৰা অসমীয়া ভাষাৰ সমল এতিয়াও অতি সীমিত।

অন্যহাতেদি, অসমীয়া ভাষা চৰ্চাৰ উপযোগী হোৱাকৈ ইণ্টাৰনেটত সন্ধানযোগ্য অসমীয়া অভিধান উপলব্ধ কৰাৰ প্ৰচেষ্টাও অত্যন্ত দুৰূহ।

সম্প্ৰতি বাংলা ভাষাত এনে অন্‌লাইন অভিধান কেইবাখনো উপলব্ধ হোৱাৰ বিপৰীতে এখনো পূৰ্ণাঙ্গ অন্‌লাইন অসমীয়া অভিধান পাবলৈ নাই।

এইক্ষেত্ৰত শব্দ সংঘৰ দ্বাৰা প্ৰণীত বহুভাষিক অন্‌লাইন অভিধান www.xobdo.org এক সামূহিক প্ৰচেষ্টা, য’ত শতাধিক স্বেচ্ছাসেৱকে তেওঁলোকৰ বহুমূলীয়া অৱদান আগবঢ়াই আছে।

শেহতীয়াকৈ www.xobdo.org ৰ জালস্থানটি ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ বাবে windows আৰু android দুয়োটা ৰূপতে উপলব্ধ হোৱাকৈ নতুনকৈ সজাই তোলা হৈছে।

এই জালস্থানটিৰ যোগাত্মক পৰ্যালোচনা আৰু ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে দিহা-পৰামৰ্শ আগবঢ়াবলৈ শব্দ সংঘৰ তৰফৰ পৰা সকলো ভাষা-প্ৰেমী লোকক আহ্বান জনোৱা হৈছে।

তদুপৰি, ইচ্ছুক ব্যক্তিসকলক এই প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ www.xobdo.org/projects ত প্ৰৱেশ কৰি স্বেচ্ছাসেৱকৰূপে ভৰ্ত্তি হ’বলৈ আৰু পাৰ্যমানে নতুন নতুন শব্দ অভিধানখনত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে অচিৰেই ই এক পূৰ্ণাঙ্গ অন্‌লাইন অভিধানৰূপে পৰিগণিত হ’ব পাৰে।

এই ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ’লে admin@xobdo.org লৈ ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰিব পাৰে অথবা +91-7086094807 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here