স্বমহিমাৰে সমুজ্বল ভ্ৰাম্যমান পুথিখন আৰু হাত-ভৰিহীন উৎসাহী মানুহজন

0
13

                                                                                    -ধীৰেন শইকীয়া               

খনিকৰ পুথি

মগ্ৰ বিশ্বৰ ভিতৰত একমাত্ৰ চলন্ত পুথি হিচাপে চিহ্ণিত হোৱা পুথিখন আছে আমাৰ এইখন অসমতে।

মানৰ অসম আক্ৰমণৰ সময়তেই (১৮১৯-১৮২১চন) খনিকৰ গাঁও নি‌ৱাসী মণি বৰু‌ৱা নামৰ ব্যক্তি এজনে এই পুথিখন উদ্ধাৰ কৰিছিল।

উজনি অসমৰ  গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত হৈ আছে আঢ়ৈশ বছৰৰ পুৰণি এইখন পুথি, নাম খনিকৰ পুথি, বৰ্তমান ই অসমীয়া জাতিৰ আপুৰুগীয়া জাতীয় সম্পদ হিচাপেও চিহ্নিত।

শ্ৰীমন্ত শংকৰদে‌ৱ গুৰুজনা তিৰোভা‌ৱৰ প্ৰায় দুশ বছৰ পিছত, ইংৰাজী হিচাপ মতে ১৭৬৮ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগ লিখি শেষ কৰা হৈছিল।

পুথি ভাগৰ শেষত লিখা থকা তাৰিখলৈ চালে ই মানৰ আক্ৰমনৰ সময়ৰ যেন লাগে। সেই ফালৰ পৰা চালে পুথিভাগ আঢ়ৈশ বছৰ পুৰণি।

উল্লেখ্য যে, পুথিভাগক স্বগৃহলৈ নিব বিচৰা ভক্তই চুৰীয়া-চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকছৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত  সভক্তিৰে কঢ়িয়াই  নিব পাৰে।

কোনো যান-বাহনৰ দ্বাৰা এই পুথিভাগি কঢ়িওৱা নহয়।তাহানি এই পুথিভাগি উদ্ধাৰ হোৱাৰ পিছতে প্ৰথমে দুই-এজন লোকে এই পুথি নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা পুৰ হোৱাৰ লগতে মানসিক প্ৰশান্তিও লাভ কৰিছিল বুলি জনা যায়।

আৰু এনেকৈ ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে আৰু আজিও সেই স্বমহিমাৰে পুথিভাগ চলন্ত ৰূপত বিভিন্নজনৰ কান্ধত বা শিৰত উঠি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি আহিছে।

অলৌকিক শক্তি জড়িত হৈ থকা বুলি ভবা এই পুথিভাগ ঘৰলৈ নি সেৱা এভাগ পাতিবলৈ ভাল পায়, সেয়ে স্বগৃহলৈ নি পাঠ কৰি পুণ্য অর্জন কৰিবলৈ বিচৰা ভক্তৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ সমাগমে খনিকৰ গাঁ‌ৱক আজি  পুণ্যক্ষেত্ৰত পৰিণত কৰিছে।

খনিকৰ পুথি  পুথিভাগ দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু শ্ৰীমন্ত মাধ‌ৱদে‌ৱৰ দ্বাৰা ৰচিত “কীর্তন” আৰু ‘নামঘোষা” পুথিৰ সমষ্টি।

সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা এই পুথি দুখন আৱিষ্কাৰ হো‌ৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা কাঠৰ বাকছৰ ভিতৰত  সভক্তিৰে ৰখা হৈছে।

২০০০ চনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি  খনিকৰ পুথিখন নামঘৰতে ইয়াক ৰখা হৈছে। খনিকৰ পুথিখনক গৃহলৈ আহ্বান কৰা গৃহস্থীৰ সুবিধাৰ অর্থে নামঘৰটিত আজিকালি আগ্ৰহেৰে তাৰিখ অনুক্ৰমে ভক্তৰ নাম-ত সাঁচি ৰাখি শৃংখলাবদ্ধভাৱে অনুমোদন জনো‌ৱাৰ ব্যৱস্থা কৰা হৈছে।

উৎসাহৰ উৎস নিক’লাচ জেমছ ভুইযিচিচ

নিক’লাচ জেমছ ভুইযিচিচ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি। জন্মতে টেট্ৰাথ এমেলিয়া চিনড্ৰম ৰোগত ভুগি জন্ম লাভ কৰা নিক’লাচৰ বৰ্তমান বয়স উনচল্লিশ বছৰ।

সম্প্ৰতি লছ এঞ্জেলছৰ বাসিন্দা নিক’লাচ ১৯৮২ চনৰ চাৰি ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত জন্মগ্ৰহণ কৰা আন্তৰ্জাতিক খ্যাতিসম্পন্ন অনুপ্ৰেৰণাদায়ী বক্তা।

জন্মৰ সময়ত নিকৰ দুয়োখন হাত অবিহনেই জন্মগ্ৰহণ কৰিছিল। মটিভেছনেল স্পীকাৰ নিক’লাচ জেমছ ভুইযিচিচে প্ৰধানতঃ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,কৰ্মচাৰী তথা গীৰ্জাৰ  বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি সুন্দৰ বক্তৃতা দি আহিছে।

ষাঠীখনতকৈও অধিক দেশ ভ্ৰমণ কৰি বিভিন্ন অনুপ্ৰেৰণাদায়ী বক্তৃতা প্ৰদান কৰিছে।

উল্লেখ্য যে, এইগৰাকী নিকে অষ্ট্ৰেলিয়াৰ গিফিথ বিশ্ববিদ্যালয়ৰ পৰা হিচাপবিদ্যা আৰু বিত্তীয় পৰিকল্পনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।

আনকি ২০০৫ চনত তেওঁ  আমেৰিকাত ‘Life Without Limbs’ নামেৰে এটা এন. জি. অ’ আৰু ২০০৭ চনত ‘Attitude is Altitude’ নামেৰে এটা প্ৰেৰণাদায়ক বক্তৃতা প্ৰদানৰ কোম্পানী প্ৰতিষ্ঠা কৰিছে।

তেওঁ ইতিমধ্যে ২০১০ চনত প্ৰকাশিত নিকৰ প্ৰথমখন কিতাপ ‘Life Without Limits: Inspiration for a Ridiculously Good Life’ ৩০ টাতকৈ অধিক ভাষালৈ অনুবাদ কৰা হৈছে।

২০১২ চনত ‘Kanae Miyahara’ ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নিক বৰ্তমান ৪ টা সন্তানৰ পিতৃ।নিক’লাচে কোৱা মতে, জন্মৰ পিছত যেতিয়া নাৰ্চ এগৰাকীয়ে নিকক মাতৃৰ সন্মুখত দাঙি ধৰিছিল, মাতৃয়ে নিকক চাবলৈ বা কোলাত ল’বলৈ অমান্তি হৈছিল।

অৱশ্যে পিছলৈ এয়া ঈশ্বৰৰ পৰিকল্পনা বুলি গ্ৰহণ কৰিছিল। আনকি এইগৰাকী আনক উৎসাহিত কৰি বক্তৃতা দিয়া নিক’লাচে এবাৰ সৰু থাকোতে হতাশগ্ৰস্ত হৈ আত্মহত্যাও কৰিব খুজিছিল।

হাইস্কুলত পঢ়ি থকা সময়তে এজন ব্যক্তিয়ে তেওঁক জীৱনৰ সমস্যা আৰু তাৰ সমস্যা সমাধানৰ বিষয়ে ৰাজহুৱাভাৱে বক্তৃতা দিবলৈ অনুপ্ৰাণিত কৰিছিল। সেয়ে নিকে ১৭ বছৰ বয়সতেই ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল।                                                                      

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here