প্ৰাগডেস্ক, ১৩ ফেব্ৰুৱাৰী ২১ঃ লোকসভাত বাজেটৰ ওপৰত আলোচনা চলি আছে, য’ত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহক কেইবাটাও প্ৰশ্ন সুধিছিল।
এই বিষয়ে উভতি ধৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰৰ কি হৈছিল বুলি সোধা হৈছে?
আমি এইবিষয়ে উত্তৰ দিম, কিন্তু এতিয়া ৩৭০ আঁতৰোৱাৰ মাত্ৰ ১৭ মাহ হৈছে, আপোনালোকে ৭০ বছৰ ধৰি কি কৰিছিল, তাৰ হিচাব লৈ আহিছে নে? কেৱল সেয়াই নহয়, গৃহমন্ত্ৰী শ্বাহে আৰু কয় যে মোৰ কোনো আপত্তি নাই, মই সকলো প্ৰশ্নৰে উত্তৰ দিম।
কিন্তু এইটোও চাব লাগে যিসকলক প্ৰজন্ম ধৰি পৰিচালনা কৰাৰ সুযোগ দিয়া হৈছিল, তেওঁলোক উত্তৰ বিচৰাৰ বাবে উপযুক্ত নে?
তেওঁ আৰু কয়, সময় আহিবলৈ দিয়ক, জম্মু আৰু কাশ্মীৰ পুনৰ হ’ব সম্পূৰ্ণ ৰাজ্য।
Facebook Comments