৫২ নং দিছপুৰ সমষ্টি এইবাৰ কাৰ ? -মহীধৰ কলিতাৰ বিশ্লেষণ

0
33

১২৬ টা বিধান সভা সমষ্টিৰ দিছপুৰত চকু সমগ্ৰ অসমবাসীৰ। বিভিন্ন জাতি-জনজাতি, নগৰ আৰু গ্ৰাম্য এলেকা সংলগ্ন সমষ্টি বাসীৰ সপোনৰ প্ৰতিনিধিগৰাকীয়ে প্ৰকৃতাৰ্থত আজিলৈকে ৰাইজৰ আপোন নেতা হোৱাত ব্যৰ্থ হৈ আহিছে।

পূৰ্বৰ দৰেই বিগত ৫ বছৰেও কেবল মাত্ৰ টোপনিত মগ্ন হৈ থাকিল সমষ্টীটোৰ বিধায়কগৰাকী।

চৰকাৰী পক্ষৰ লগত কোনো সহযোগিতা নকৰা এসময়ৰ বাঘ সিংহ বুলি নাম থকা অতুল বৰাই এইবাৰ ৰাইজক ভালকৈয়ে পতিয়ন নিয়ালে যে তেওঁৰ দিন আৰু উকলিল।

অতুল বৰায়ো উত্তৰসূৰী অকন বৰা, ৰবীন বৰদলৈৰ দৰে একেই অকৰ্মণ্য, অদক্ষ জনপ্ৰতিনিধিৰ নাওখনতে উঠি ৰাইজক দিলে কেবল প্ৰতাৰণাৰ উপহাৰ।

অতি পৰিতাপৰ বিষয় যে দিছপুৰবাসীৰ মনৰ ইচ্ছা, অভাব-অভিযোগ পুৰণ কৰিব পৰাকৈ যোগ্য প্ৰাৰ্থী এগৰাকীৰ সন্ধান বিগত বছৰবোৰত নোলাল। ওলাবনে ২০২১ত ৰাইজে বিচৰাধৰণৰ এগৰাকী প্ৰাৰ্থী ?

চন্দ্ৰপুৰ সোণাপুৰকে ধৰি এক বৃহৎ সংখ্যক জনজাতীয় ভোটাৰে নিৰ্ণায়কৰ ভূমিকা লোৱা দিছপুৰ সমষ্টি এইবাৰ কোনে দখল কৰিব ?

বিজেপিৰ শক্তিশালী ভেটি থকা দিছপুৰত দলটোৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ জয়ন্ত কুমাৰ দাস, মৃগাংক বৰ্মণ, ডাঃ শৈলেন কলিতাকে ধৰি মুখ্যমন্ত্ৰী সোণোৱালৰো পচণ্ডৰ দিছপুৰ সমষ্টিত বিধায়ক অতুল বৰাই প্ৰাৰ্থীত্ব পোৱাৰ আশা খীন।

প্ৰাৰ্থীত্বৰ দাবীদাৰ আটাইকেইজনেই শক্তিশালী প্ৰাৰ্থী। অন্যহাতে প্ৰাৰ্থীত্বৰ দৌৰত থকা কংগ্ৰেছৰ অকণ বৰা মানস বৰা, ববিতা শৰ্মাকে ধৰি ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি মনজিৎ মহন্তয়ো এইবাৰ দিছপুৰ দখলৰ বাবে প্ৰচাৰ অভিযান অব্যহত ৰাখিছে।

সময়ত বিজেপি আৰু কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ মাজতে যে মূল যুজখন হ’ব সেয়া নিশ্চিত । তুলনামূলকভাৱে কংগ্ৰেছৰ ভেটি যদিও শাসকীয় দলটোতকৈ দুৰ্বল তথাপি বি জে পিৰ প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত যদি হয় তেনেহ’লে কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ জয়ৰ পথ মসৃন হ’লেও আচৰিত হ’ব লগা একো নাই।

টিকত বঞ্চিত হ’লে বিধায়ক অতুল বৰায়ো কিছু নিজৰ সমৰ্থিত ভোট বিভাজন কৰাৰ আশংকা থাকিব। শক্তিশালী প্ৰাৰ্থী বি জে পি ৰ পুৰণা কৰ্মী জয়ন্ত দাসৰো এক শক্তিশালী জনভেটি আছে। মৃগাংক বৰ্মণৰো বি জে পিৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্বৰ লগত ভাল সম্পৰ্ক।

এনেক্ষেত্ৰত দিছপুৰত বিজেপিৰ পৰা কোনে প্ৰাৰ্থীত্ব লাভ কৰিব সেয়া ধূসৰ হৈ আছে। অকণ বৰা আৰু মানস বৰাক বাদ দি যদি কংগ্ৰেছে নিকা ভাবমূৰ্তিৰ শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে বিজেপিয়ে যথেষ্ট কষ্ট কৰিব লাগিব।

এতিয়া কথা হ’ল দিছপুৰ সমষ্টি বাসীৰ মূল সমস্যা কি? দিছপুৰ বাসীয়ে কেনে জনপ্ৰতিনিধি বিচাৰে ? এই সমষ্টিৰ নিৰ্ণায়ক ভোটাৰ কোন? হাগ্ৰামাক সমৰ্থন কৰা কেইবাহাজাৰ ভোট কাৰ পক্ষত যাব ? পাহাৰত বাস কৰা জনতাই কাক সমৰ্থন কৰিব ? দিছপুৰ বাসীৰ ভূমিহীনসকলক কোনে আশ্বস্ত কৰিব?

খোৱাপানীৰ সমস্যাকে ধৰি ৰাষ্টাঘাটৰ সমস্যাক সমাধান কৰাৰ বাবে কোনজন জনপ্ৰতিনিধিয়ে নিশ্চয়তা প্ৰদান কৰিব ? ‘কা’ই প্ৰভাব পেলাব নেকি এইবাৰৰ নিৰ্বাচনত ?

নিশ্চিতভাৱে আগন্তুক বিধানসভা নিৰ্বচনত লক্ষনীয় হ’ব দিচপুৰ সমষ্টি। সমষ্টিবাসীয়ে বহু ভাবি-চিন্তি এইবাৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।

দল বিলাকেও এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে যদু-মধুক প্ৰক্ষেপ কৰিলে যোগ্য প্ৰত্যুত্তৰ পাব সমষ্টি বাসীৰ পৰা।

দিছপুৰ সমষ্টিৰ লক্ষাধিক জনতাক আশ্বস্ত কৰিব পৰা সেইগৰাকী প্ৰাৰ্থীৰ সন্ধানত জনতাই আৰম্ভ কৰিছে মগজৰ কচৰৎ। দিচপুৰীয়া জনতাৰ চকু এইবাৰ দলত নহয়…এইবাৰ চকু…প্ৰাৰ্থীৰ ওপৰত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here