প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২০ ফেব্ৰুৱাৰী ২১ঃ শিৱসাগৰ জিলাৰ খেলুৱ শিক্ষা খণ্ডৰ অন্তৰ্গত খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী সহকাৰী শিক্ষক আৰু এগৰাকী কৰ্মচাৰীক ১৯ ফেব্ৰুৱাৰীত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়।
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অতুল গগৈৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সদ্য-অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক অনিল গগৈ, অৱসৰপ্ৰাপ্ত সহ শিক্ষক ৰিখেশ্বৰ চেতিয়া আৰু কৰ্মচাৰী সদা গগৈক আজি সম্বৰ্দ্ধনা জলোৱা হয়।
সভাত উপস্থিত থাকে সাংবাদিক ধুব্ৰুজ্যোতি গগৈ, অৱসপ্ৰাপ্ত শিক্ষক ভৰত গগৈ, খতেশ্বৰ গগৈ, মেঘ হাজৰিকাকে ধৰি বহুতো গুণমুগ্ধ উপস্থিত থাকে।
Facebook Comments