প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২০ ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচন যাতে স্বচ্ছ আৰু নিকা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও কোষ গঠনৰ প্ৰস্তুতি চলাইছে।
শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মিডিয়া চাৰ্টিফিকেট এণ্ড মণিটৰিং কমিটি চমুকৈ ‘এম চি এম চি’ গঠন কিৰা হয়।
নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিচত কোনো দল বা প্ৰাৰ্থীয়ে যাতে ভোটাৰক আকৃষ্ট কৰাৰ বাবে অথবা প্ৰত্যক্ষ-পৰোক্ষভাৱে প্ৰচাৰ কাৰ্য চলোৱাৰ অৰ্থে সংবাদ মাধ্যমক ব্যৱহাৰ কৰিব নোৱাৰে এই উদ্যেশ্য আগত ৰাখিয়েই গঠন কৰা হৈছে এই কমিটি।
জিলা উপায়ুক্ত অধ্যক্ষ হিচাপে থকা ‘এম চি এম চি’ কমিটিত জ্যেষ্ঠ সাংবাদিক সঞ্জয় ৰায়ৰ উপৰিও কেইবাজনো অভিজ্ঞতাপুষ্ট সদস্য আছে।
মিডিয়া চাৰ্টিফিকেট এণ্ড মণিটৰিং কমিটি গঠনৰ এই সভাত ভাষণ প্ৰদান কৰি উপায়ুক্ত বিশ্বজিৎ পেগুয়ে কয় যে দিনে-ৰাতিয়ে ২৪ ঘণ্টাই সতৰ্ক থাকি এই কোষে কাম কৰি যাব।
ছপা, বৈদ্যুতিন মাধ্যমৰ উপৰিও ছ’চিয়েল মিডিয়াকো সুক্ষ্ম পৰ্যৱেক্ষণ কৰিব এই কোষে। অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা আৰু মুনীন্দ্ৰ বৰদলৈ, নিৰ্বাচনী বিষয়া ঝৰ্ণা পাটগিৰি আদিও এই সভাত উপস্থিত থাকে।
উল্লেখযোগ্য যে এই কমিটিৰ অধীনত থাকিব ত্ৰিশ-চল্লিশ জনীয়া এটা কোষ যিয়ে সকলো সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া ২৪ ঘন্টাই নিৰীক্ষণ কৰিব।