প্ৰাৰ্থনা বৰদলৈৰ প্ৰথমখন গ্ৰন্থ “চাকুলেন্ট” উন্মোচন

0
24

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২২ ফেব্ৰুৱাৰী ২১ঃ যান্ত্ৰিকতাৰ যুগত কিতাপ পঢ়াৰ অভ্যাস হেৰাই যোৱাৰ সময়তেই পাঠক সমাজলৈ এক সুখবৰ কঢ়িয়াই আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় নৱপ্ৰজন্মৰ এগৰাকী সুলেখিকা প্ৰাৰ্থনা বৰদলৈৰ প্ৰথমখন উপন্যাস “চাকুলেন্ট” ৷

‘অসম বুক ডিপো’ৰ দ্বাৰা প্ৰকাশিত উক্ত গ্ৰন্থখনৰ শুভ উন্মোচনী সভাত মুখ্য উন্মোচক হিচাপে উপস্থিত থাকে জনপ্ৰিয় সাহিত্যিক, সাংবাদিক, অভিনেত্ৰী ড° আকাশীতৰা শইকীয়া৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত, বিশিষ্ট শৈল চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° কৰবী গোস্বামী৷

ইয়াৰ লগতে উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সহ অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মা৷

মুখ্য উন্মোচকৰ ভাষণত ড° আকাশীতৰা শইকীয়াই যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে আৰু প্ৰাৰ্থনা বৰদলৈৰ প্ৰথমখন গ্ৰন্থ “চাকুলেন্ট” পাঠক সমাজৰ বাবে এক নতুন প্ৰেৰণা হ’ব বুলি আশা প্ৰকাশ কৰে৷

নিজৰ ভাষণত ডাঃ সংগীতা দত্তই এজন ব্যক্তিৰ মনস্তাত্বিক দিশৰ ওপৰত আলোকপাত কৰি উক্ত গ্ৰন্থখন মানসিকভাৱে ভাগি পৰা এজন লোকৰ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে৷

ড° কৰবী গোস্বামীয়ে গ্ৰন্থখনৰ ওপৰত অভিমত ব্যাখ্যা কৰে৷উপন্যাসখনৰ লেখিকা প্ৰাৰ্থনা বৰদলৈয়ে উপন্যাসখনৰ সৃষ্টিৰ আঁৰৰ কথাখিনি উপস্থিত ৰাইজক অৱগত কৰায়৷

নীহাৰেন্দ্ৰ শৰ্মাই আঁতধৰা উক্ত সভাখনত কবিতা আবৃত্তি কৰে যুৱ প্ৰজন্মৰ এগৰাকী উদীয়মান কবি পাৰ্থপ্ৰতিম পাঠকে৷এই অনুষ্ঠানত সমাজৰ কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here