প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২২ ফেব্ৰুৱাৰী ২১ঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ উদমাৰী হাইস্কুলত দেওবাৰে “মানুহে মানুহৰ বাবে” সংস্কাৰ শীৰ্ষক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।
নগাঁও জিলাৰ সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশ মৰ্মে মোৱামাৰিস্থিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্যৱস্থাত চাহ অধ্যূষিত অঞ্চল হিচাপে পৰিচিত উদমাৰী হাইস্কুলত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে, “মানুহে মানুহৰ বাবে” সংস্কাৰ শীৰ্ষক সজাগতা অভিযান অনুষ্ঠিত হয়।
চাহ জনগোষ্ঠীয় অঞ্চলটোত প্ৰচলিত বিভিন্ন ধৰণৰ কু-সংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ দূৰ কৰাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ হাইস্কুলখনৰ প্ৰেক্ষাগৃহত সজাগতা সভা অনুষ্ঠিত হয়।
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰটোৰ সমন্বয়ক গৌতম বৰাই উদ্দেশ্যে বাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উপ সভাপতি ৰমেশ চাঙে।
শতাধিক ছাত্ৰ-ছাত্ৰীই অংশ গ্ৰহণ কৰা উক্ত অনুষ্ঠানটোত উদমাৰী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক তথা সমাজ সেৱক ৰবি বাৰ্লা, উদমাৰী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কালিৰাম সোণাৰি, সমাজ সেৱক ৰবি মিৰ্ধা, উদমাৰী হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক সুবিমল দাসগুপ্ত, ৰাজ্য চৰকাৰৰ শিল্পী অনুদান লাভ কৰা মঙ্গল নায়ক, সমাজ সেৱক তথা উদমাৰী হাইস্কুলৰ প্ৰাক্তণ কৰ্মচাৰী লৱকান্ত দেউৰী, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদক বিদ্যুত জ্যোতি বৰাকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
উক্ত অনুষ্ঠানতে কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে, “মানুহে মানুহৰ বাবে সংস্কাৰ শীৰ্ষক ” এক সজাগতা অভিযানৰ শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে।