প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২২ ফেব্ৰুৱাৰী ২১ঃ উদ্দীপন ফাউণ্ডেশ্বনৰ সহযোগত সাংবাদিক পৰিষদ অসম, গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত ৰবিবাৰে চানমাৰি স্হিত পণ্ডিত তীৰ্থ নাথ শৰ্মা সভাগৃহত সদৌ অসম ভিত্তিত প্ৰাইজমানি আধুনিক নৃত্য আৰু আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
প্ৰতিযোগিতাখনত আধুনিক গীতত প্ৰথম পুৰস্কাৰ বিদিশা কাশ্যপে, দ্বিতীয় পুৰস্কাৰ ৰিম্পী কলিতা তৃত্বীয় পুৰস্কাৰ সঞ্চিতা আমছিয়ে লাভ কৰে৷
আনহাতে আধুনিক নৃত্য প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ কমলিকা কাশ্যপ, দ্বিতীয় পুৰস্কাৰ কৃষ্ণা কাশ্যপ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে অনুশ্ৰী প্ৰধানে৷
উল্লেখ্য যে প্ৰতিযোগিতাৰ আৰম্ভণিত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ ঈশ্বৰ মহন্তই পৌৰোহিত্য কৰা সভাখনত উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী সদানন্দ গগৈ৷
লগতে বিশিষ্ট অতিথি হিচাপে বিশিষ্ট লেখিকা তথা প্ৰাগজ্যোতিষ কাকতৰ সম্পাদক শশীপ্ৰভা দাস, উদ্দীপন ফাউণ্ডেশ্বনৰ মুখ্য উপদেষ্টা ৰাজীব দাস, উপদেষ্টা কল্যাণ মিশ্ৰ, উদ্দীপন ফাউণ্ডেশ্বনৰ সভাপতি তথা সাংবাদিক পৰিষদ, অসম গুৱাহাটী মহানগৰ জিলাৰ সাধৰণ সম্পাদক মনোজ ডেকা উপস্থিত থাকে৷
সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা গেট হাস্পতালৰ পৰিচালন সঞ্চালক বেদব্ৰত পাঠক, হেল্থচিটি হাস্পতালৰ প্ৰশাসনিক বিষয়া পৰাগজ্যেতি দত্ত আৰু সমাজকৰ্মী তথা ব্যৱসায়ী পংকজ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷