প্ৰাগডেস্ক, ২২ ফেব্ৰুৱাৰী ২১ঃ দক্ষিণ কাশ্মীৰৰ ছ’পিয়ান জিলাৰ বডগাম অঞ্চলত বৃহস্পতিবাৰে নিশা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৩ টা পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে।
আৰক্ষী সূত্ৰই জনাইছে যে, অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়ত লুকাই থকা সন্ত্ৰাসবাদীকেইটাই আৰক্ষী আৰু সেনাবাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।
ঘটনাস্থলীৰ পৰা বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰা হৈছে। তালাচী অভিযান বৰ্তমানেও অব্যাহত আছে।
ইফালে মধ্য কাশ্মীৰৰ বডগামৰ বিৰুৱাহ অঞ্চলত আজি পুৱা আৰম্ভ হোৱা অন্য এটা সংঘৰ্ষত জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ আৰক্ষী বিষয়া মহম্মদ আলতাফ শ্বহীদ হয়। আনহাতে আন এজন আৰক্ষী কৰ্মী মঞ্জুৰ আহমদ গুৰুতৰভাৱে আহত হয়।
Facebook Comments