প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী ২২ঃ সদৌ অসম বৈশ্য সন্মিলনৰ উদ্যোগত ২১ ফেব্ৰুৱাৰীত মহানগৰীৰ গনেশগুৰি স্থিত ‘দিছপুৰ প্ৰেছক্লাব’ত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট সমাজ সেৱক তথা অন্যান্য পিছ পৰা জাতি সন্মিলনৰ সভাপতি অমৰ গগৈক ‘সমাজ সেৱক বঁটা’ প্ৰদান কৰা হয়।
ৰাম কুমাৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সমাজ সেৱক, লেখক ঘনশ্যাম শইকীয়া, জনসংযোগ বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক সোণ চৰণ বৈশ্য প্ৰমুখ্যে বক্তাসকলে বৃহত্তৰ অসমীয়া সমাজৰ উত্তৰণৰ হকে এই সন্মিলনত নিষ্ঠাৰে সেৱা আগবঢ়াওতা সকলৰ শলাগ লয়।
বিশিষ্ট সমাজ সেৱক অমৰ গগৈয়ে সমাজ সেৱাৰ জৰিয়তে দলিত, নিপীড়িতসকলৰ কল্যাণৰ বাবে চলাই অহা নিৰন্তৰ সেৱাৰ কথা সোঁৱৰে।
মুক্তিযোদ্ধা স্বৰ্গীয় ৰঘুনাথ চাহুৰ সোঁৱৰণত প্ৰদান কৰা উক্ত বঁটা গ্ৰহণ কৰি অমৰ গগৈয়ে কয় যে তেওঁ আজীৱন সমাজৰ দলিত-পীড়িতসকলৰ কল্যাণৰ হকে সেৱা আগবঢ়াই যাব।
অসমৰ বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা ব্যক্তিসকলক সম্পাদক তিলক চাহুৱে আন্তৰিক শলাগৰ শৰাই আগবঢ়ায়।