‘প্ৰেৰণা প্রকাশন’ৰ একে দিনাই ১০ খন গ্রন্থ উন্মােচন

0
23

প্ৰাগজ্যোতিষ বার্তা, গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী ২১ঃ গুৱাহাটীৰ বামুনীমৈদামস্থিত প্রাগজ্যোতিষ প্রকাশন ট্রাষ্টৰ কার্যালয়ত যােৱা ২২ ফেব্ৰুৱাৰীৰ দিনটোত একেদিনাই ১০ খনকৈ গ্রন্থ উন্মােচন কৰা হয়।

মহানগৰীৰ নাৰিকলবস্তি স্থিত প্রেৰণা প্রকাশনৰ দ্বাৰা প্রকাশিত গ্রন্থকেইখনৰ লেখকখগেন শইকীয়া।

প্রাগজ্যোতিষ প্রকাশন ট্রাষ্টৰ সম্পাদক, প্রাগজ্যোতিষ অসমীয়া সাপ্তাহিক আৰু ঈশান দর্পণ (ইংৰাজী) কাকত দুখনৰ পৰিচালন সম্পাদক তথা বিশিষ্ট লেখক খগেন শইকীয়াই লিখি উলিওৱা গ্রন্থকেইখন ক্রমে সংস্কৃতি প্রবাহ, নীতিকথা সাধু, চাণক্য নীতি, শ্ৰীমন্ত শংকৰদেৱ, শ্রীশ্রীমাধৱদেৱ, আমাৰ ঋষি মুনিসকল, মধুৰং সুভাষিত, স্বাধীনতা সংগ্ৰামত অসমৰ শ্বহীদসকল, চৰিত্র নির্মাণ আৰু শিকনি মূল্যবােধ তথা বিদ্যাভাৰতীৰ ৰূপৰেখা।

ট্রাষ্টৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বহুমূলীয়া গ্রন্থকেইখনৰ শুভ উন্মােচন কৰে ক্ৰমে প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ সম্পাদক শশীপ্রভা দাস, সমাজ সেৱী ঘনশ্যাম শইকীয়া, সাংবাদিক ঈশ্বৰ মহন্ত আৰু সমাজসেৱী, গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা সত্যধৰ মটকে।

ভাষণ প্রসংগত উন্মােচককেইজনে লেখক শ্রীশইকীয়াৰ এয়া এক উল্লেখযােগ্য পদক্ষেপ বুলি অনুভৱ ব্যক্ত কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অভূতপূর্ব অৱদান বুলিও মন্তব্য কৰে।

অনুষ্ঠানত লেখক খগেন শইকীয়াই বিভিন্ন সময়ত ঘাইকৈ মহামাৰীকৰণাৰ বাবে দেশজুৰি বলবৎ হােৱা লকডাউনৰ সময়ত গ্রন্থকেইখন লিখি উলিওৱা হয় বুলি জানিবলৈ দিয়ে।

উক্ত গ্রন্থ উন্মােচনী সভাত প্রাগজ্যোতিষ প্রকাশন ট্রাষ্ট সমূহ বিষয়ববীয়া আৰু কর্মকর্তাৰ উপৰি হিন্দু সুৰক্ষা সেনাৰ প্ৰণৱ বৰা, অসম প্রকাশন পৰিষদৰ সহকাৰী সম্পাদক ভাৰতী বি মহন্তও উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁতধৰে প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক কর্মকর্তা ইলা ডেকাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here