জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মালৈ ধৰ্মানন্দ দাস প্ৰশাসনিক সেৱা বঁটা

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,সৰুপেটাৰ পৰা ৰমিজ আলী, ২৩ ফেব্ৰুৱাৰী ২১ঃ মহাপুৰুষ সকলৰ পবিত্ৰ কৰ্মভূমী বৰপেটাৰ দৰে বৌদ্ধিক দিশত আগবঢ়া‌ এখন জিলাৰ উন্নয়নৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ পোৱাটো পৰম সৌভাগ্য বুলি মন্তব্য কৰিছে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই।

২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া বৰপেটা সাহিত্য সভা ভৱনত অসম জাতীয় মহাসভাৰ দ্বাৰা প্ৰদান কৰা ২০২০ চনৰ লোক সেৱক ধৰ্মানন্দ দাস প্ৰশাসনিক সেৱা বঁটা গ্ৰহণ কৰি দিয়া ভাষণত শৰ্মাই এইদৰে কয়।

তেওঁ কয় যে এই বঁটাৰ বাবে নিৰ্বাচিত হৈ তেওঁ অভিভূত হৈছে আৰু অধিক নিষ্ঠাৰে কাম কৰাৰ বাবে প্ৰেৰণা লাভ কৰিছো। উল্লেখযোগ্য যে যে অসম জাতীয় মহাসভাৰ তৰফৰ পৰা প্ৰশাসনিক বিষয়া সকলৰ নিষ্ঠাপূৰ্ণ সেৱাৰ স্বীকৃতি হিচাপে প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰথমজন অসমীয়া মুখ্য সচিবৰ নামত এই বঁটা প্ৰদান কৰা হয়।

২০১৭ চনত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হৰিচৰণ ব্ৰহ্মক এই বটাঁ প্ৰদান কৰা হৈছিল। বঁটা হিচাপে এখন সুদৃশ্য গুৰু আসন , এগছি গছা, চেলেং চাদৰ আৰু এটা মুগাৰ পাগুৰী প্ৰদান কৰা হয়।

মুনীন্দ্ৰ শৰ্মাই যোৱা ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা বৰপেটা জিলাৰ উপায়ুক্ত হিচাপে এটি দক্ষতাৰে সেৱা আগবঢ়ায় আহিছে। ইতিমধ্যে সকলো শ্ৰেণীৰ ৰাইজৰ মাজতো তেওঁ জনপ্ৰিয় হৈ পৰিছে বুলি অসম জাতীয় মহাসভাৰ মুখ্য সম্পাদক হৰেকৃষ্ণ তালুকদাৰে তেওঁৰ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।

আনহাতে একেখন মঞ্চতে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসক জনসেৱক শৰৎ চন্দ্ৰ সিংহ বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি দাসে কয় যে, দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনত বিধায়ক হিচাপে নিজৰ শ্ৰেষ্ঠতা খিনি উজাৰি দিও সততে ৰাইজৰ কটু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।

তাৰ বিপৰীতে এনে ধৰণৰ বঁটাই কাম কৰাৰ বাবে উৎসাহ প্ৰদান কৰে। বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী অক্ষয় কুমাৰ মিশ্ৰ‌ই উদ্বোধন কৰা সভাখনত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত ডেকা সত্ৰীয়া গৌতম পাঠকক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়।

বিশিষ্ট সঙ্গীতজ্ঞ তথা শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰ‌ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

সভাত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে আয়োজিত অন্তৰঙ্গ আলাপ অনুষ্ঠানত বৰপেটা চহৰৰ ভালেসংখ্যক জেষ্ঠ সাহিত্যিক তথা বিশিষ্ট নাগৰিকেও অংশগ্ৰহণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here