আজাৰা ৰাণীগেটৰ পৰা শুকুৰবৰীয়া সংযোগী পথত দিনে নিশাই চলি আছে শ শ ডাম্পাৰঃ যিকোনো মুহূৰ্তত হব পাৰে ভয়াবহ দূর্ঘটনাঃ ৰাণী আৰক্ষীৰ ৰহস্যজনক ভূমিকা

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৩ ফেব্ৰুৱাৰী ২১ঃ পশ্চিম গুৱাহাটীৰ আজাৰা থানা আৰু ৰাণী আৰক্ষী চকীৰ অধীনৰ আজাৰা ৰাণীগেটৰ পৰা অসম মেঘালয় সীমান্তৰ ৰাণী শুকুৰবৰীয়া সংযোগী এন ই চি পথচোৱাত দিনে নিশাই চলি থকা শ শ ডাম্পাৰৰ বাবে প্ৰায় ১৭ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ বাসিন্দাসকলৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাতৰ সৃষ্টি হৈছে।

আনকি এনে ডাম্পাৰৰ বাবে যিকোনো মুহূৰ্ততে এন ই চি পথচোৱাত ভয়াবহ দূর্ঘটনা সংঘটন হোৱাৰ সম্ভাৱনা আছে বুলি অঞ্চলটোৰ সচেতন লোকসকলে ব্যক্ত কৰিছে ।

অৱশ্যে মাজে সময়ে বিগত সময়চোৱাত কেবাটাও সৰু বৰ দূর্ঘটনা সংঘটিত হৈছে। য’ত ছাত্র-ছাত্ৰীকে ধৰি কেবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুজন আঁহত হ’বলগীয়া হৈছে ।

অঞ্চলটোৰ সচেতন নাগৰিকসকলে জানিবলৈ দিয়া মতে, পূৰ্বতে ৰাণী আৰক্ষী চকীৰ ফালৰ পৰা বিদ্যালয়ৰ শ্রেণী আৰম্ভ আৰু ছুটিৰ সময়ত এন ই চি পথত ডাম্পাৰ চলাচলৰ ক্ষেত্ৰত নিষেধাক্ষা আৰোপ কৰা হৈছিল ।

তেনেদৰে ৰাইজৰ সুৰক্ষাৰ বাবে সন্ধিয়াৰ পাছত ডাম্পাৰ চলিব দিয়া হোৱা নাছিল। কিন্ত ৰাণী আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনে এইক্ষেত্ৰত তেওঁৰ পূৰ্ববৰ্ত্তী ভাৰপ্ৰাপ্ত বিষয়াসকলৰ দৰে তেনে বাধা নিষেধ আৰোপ নকৰাত পথচোৱাৰ দুয়োফালে থকা চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত শ শ ছাত্র-ছাত্ৰীয়ে অতি বিপদজনক আৰু শংকাৰ মাজত অহা যোৱা কৰি থাকিবলগীয়া হৈছে।

তেনেকৈ নিশাৰ ভাগত পথচোৱাত ভয়তে মানুহ ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে । যাৰবাবে ৰাণী আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ ডাম্পাৰ চলাচলৰ ক্ষেত্রত বিদ্যালয়ৰ পাঠদান আৰম্ভ আৰু ছুটীৰ সময়ত বাধা আৰোপ নকৰাৰ ৰহস্যজনক স্থিতিয়ে ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

সচেতন নাগৰিকসকলে এইক্ষেত্ৰত আৰক্ষীৰ উৰ্দ্ধতম কৰ্তৃপক্ষ আৰু পশ্চিম গুৱাহাটীৰ বিধায়কগৰাকীৰ হস্তক্ষেপ কামনা কৰিছে।

উল্লেখযোগ্য যে ৰাণীৰ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ পাহাৰ সমূহৰ পৰা দৈনিক শ শ ডাম্পাৰ আৰু ট্ৰাকে শিল-মাটি কঢ়িয়াই এন ই চি পথৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here