ৰণাংগণত অসমীয়াৰ ভবিষ্যতঃ -মহীধৰ কলিতাৰ বিশ্লেষণঃ পূব গুৱাহাটীত কোনে মাৰিব শেষ হাঁহি ?

0
5

গুৱাহাটীৰে ৫৩ নং পূব গুৱাহাটী বিধান সভা সমষ্টিত এইবাৰ কোনে মাৰিব শেষ হাঁহি ? কোনে লাভ কৰিব শাসকীয় বিজেপি-ৰ টিকট।

সমষ্টি বাসীয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক লৈ কিয় সুখী হ’ব পৰা নাই ? সমষ্টিৰ চুকে কোনে সোমাই পৰা মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালীৰ সততা আৰু উজ্জল ভাবমুৰ্তিয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাবে ৰাজনৈতিক ইতি হোৱাৰ সম্ভাবনা কঢ়িয়াই আনিছে।

অতি উচ্চ শিক্ষিত ভোটাৰ আৰু পাহাৰবাসীৰ যথেষ্ট সংখ্যক ভোটাৰে এইবেলি বিচাৰিছে….মূলত খোৱাপানীৰ বৃহৎ সমস্যা আৰু কৃত্রিম বানৰ লগতে পাহাৰবাসীৰ ৰাষ্টাঘাটৰ সমস্যাক মূল ইছ্যু হিচাপে লৈ মুখামুখি হ’ব লাগিব প্ৰক্ষেপিত যিকোনো দলৰ প্ৰাৰ্থী।

কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতি অসীমা বৰদলৈ, আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ পংকজ বৰবৰা, অক্ষয় ৰাজখোৱাকে ধৰি বহুকেইগৰাকী প্ৰাৰ্থীয়ে সমষ্টি বাসীৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰিছে।

সমষ্টি বাসীয়ে যি আশা আকাংক্ষাৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যক ব্যাপক ভোটদানৰে জয়যুক্ত কৰিলে সেইমতে জনপ্ৰতিনিধিগৰাকীয়ে সমষ্টি বাসীক সন্তুষ্ট কৰিব নোৱাৰিলে।

সম্প্ৰতি ৰাইজে নতুন বিকল্পৰ সন্ধান আৰম্ভ কৰিছে। অন্যান্য দল সংগঠনৰ দুৰ্বল ভেটিৰ পৰিপ্ৰেক্ষিতত বিজেপি-এ আজিৰ তাৰিখত অধিক শক্তিশালী স্থিতিত আছে।

বৰ্তমানৰ বিধায়কগৰাকীৰ পৰিৱৰ্তে শান্তনু ভড়ালীয়ে দলীয় টিকট লাভ কৰিলে নিশ্চিতভাৱে বিজেপিয়ে পূব গুৱাহাটীক আজুৰি নিয়াৰ সম্ভৱনা প্ৰবল।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here