অসমৰ বিলসমূহক কেন্দ্ৰ কৰি পৰ্যটনৰ সম্ভাৱনা

0
3

                                                                                                                                                                                           -ধীৰেন শইকীয়া

বিল তথা জলাশয়সমূহ হ’ল আৰ্দ্ৰভূমি (wetland)। ই  জৈৱ বৈচিত্ৰতাৰ প্ৰধান আধাৰ। সাধাৰণতে বিল হৈছে চাৰিওফালে স্থলভাগে আৱৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। বিভিন্ন প্ৰাকৃতিক ঘটনা পৰিঘটনাৰে বিলৰ সৃষ্টি হয়। চানডুবি বিলৰ সৃষ্টি হৈছিল ভূমিকম্পৰ ফলত,মতাপুং মাগুৰী বিলৰ সৃষ্টি হৈছিল নিমখৰ পুঙ এটাৰ পৰা। বহুসময়ত নদীৰ পৰা ওলাই অহা সুঁতি বৈ আহিও বিলৰ ৰূপ লয়,কেতিয়াবা আকৌ পাহাৰৰ পৰা নামি অহা পানীভাগ দ পথাৰসদৃশ স্থানত জমা হৈও বিলৰ সৃষ্টি হোৱা দেখা যায়।

এই বিলসমূহ  জৈৱবৈচিত্ৰ্যৰ ভঁড়াল। ইয়াৰ নান্দনিক সৌন্দৰ্যও অতি মনোমোহা। প্ৰতি বছৰে এই বিলসমূহলৈ শীতৰ দিনত দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই আহে। চৰাইৰ কলৰৱত তেতিয়া মুখৰ হৈ থাকে বিলবোৰ।  বিলসমূহ জলজ উদ্ভিদ তথা জলজ প্ৰানীৰে উভৈনদী হৈ থাকে।

সৰল অৰ্থত এই বিলবোৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সীমাহীন বৰঙণি যোগাই আহিছে। এই বিলসমূহে চুবুৰীয়া অঞ্চলসমূহৰ আৰ্থ সামাজিক দিশত মুখ্য ভূমিকা লৈ আহিছে। তদুপৰি, বিলৰ জলজ উদ্ভিদ প্লাৱকসমূহে বায়ুমণ্ডলত অক্সিজেন গেছ নিৰ্গমনৰ সমান্তৰালভাৱে পানীত হোৱা প্ৰদূষণ ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই বিলসমূহ অসমৰ থলুৱা মাছৰো ভঁড়াল। লগতে মৎস উৎপাদনৰো কেন্দ্ৰস্থলী।

বিলসমূহে কাষৰীয়া অঞ্চলৰ অতিৰিক্ত পানী ভাগ ধৰি ৰাখি বানপানীৰ পৰা সকাহ দিয়ে। কৃষি উৎপাদনতো বিলৰ অৰিহণা ভালেখিনি।  ইয়াৰোপৰি বিলৰ জৈৱ বৈচিত্ৰ্য আৰু নান্দনিক পৰিৱেশে পৰ্যটককো আকৰ্ষণ কৰি একোখন ঠাই পৰ্যটকৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিব পাৰে।অসমত আনুমানিক ৩৫১৩ খন বিল আছে।

অসমৰ তেনে প্ৰধান বিলসমূহ উৰপদ, কনৰা, কাপ্‌লা, কাছধৰা, কাণীবিল, কপৌৰৌৱা, কাৱৈমাৰী, কুকুৰমৰা, খামৰঙা, গৰজান, গৰৈমাৰী, ঘগা, চাতলা, চানডুবি, চলাচল, চিকন, চ’ৰা, জলেশ্বৰ, ডাকৰা, তামৰঙা, তাৰপৰা, ঋৰা, থাপানিৰ, দলনি, দিপৰ, দিপুল, দীঘল, দীঘলী, দীঘেলী, ধীৰ, নলঙা, বহুৱা, বৰবিল, বগীবিল, বৰদুৱা, বৰডুবি, বৰকুৰি, বঙলাবাৰী, ভকতি, ভীমপৰা, মেৰ, মনহা, মৰিকলং, ৰাতা, ৰৌমাৰী, লাই, লচঙা, শন, শৰঙা, সাতদলা আদি।দুখৰ কথা হ’ল আজি উচ্চশিক্ষিত আধুনিক যুগতো এই বিলসমূহৰ প্ৰয়োজনীয়তা নুবুজি কেৱল বিলসমূহ বেদখল কৰি এফালৰ পৰা পুতি তাত আবাসভূমি বা উদ্যোগ আদি স্থাপন কৰাহে দেখা গৈছে।

এয়া নিঃসন্দেহে এটা নেতিবাচক কৰ্ম।কিয়নো ই জলজ প্ৰানী তথা তথা উদ্ভিদ উভয়ৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা বিষয়ত যোগাই অহা অৰিহণা আজি সকলোৱে জানিও নজনাৰ দৰে হৈছে। ফলত এজাক বৰষুণতে একোটা অঞ্চল সহজতে কৃত্ৰিম বানপানীত ডুবি থকা আমি দেখি আহিছো,একেদৰে বিলুপ্ত হৈছে থলুৱা মাছ-কাছ আদি। 

চাৰণ বিল

কলঙৰ নুমলীয়া জী বুলি জনাজাত চাৰণ বিল। মৰিগাঁও চহৰৰ পৰা প্ৰায় ৫.৭ কি.মি. দূৰত্বত অৱস্থিত এই বিলখন।কিংবদন্তি অনুসৰি তিৱা ৰজা আৰিমত্ত চামাদিত থাকোতে এই বিলতে মাছ মাৰে আৰু গা ধোৱে। লগতে এই বিলৰ পাৰত থকা ওখ ঘাঁহৰ বননিত তাহানিৰ তিৱা লোকসকলে পহু চিকাৰ কৰে।

আনকি তাহানি কালত নগাঁৱৰপৰা ঘোঁৰাৰে আহি বৃটিছ চাহাবসকলেও চাৰণৰ পাৰত বনৰীয়া হাঁহ তথা অন্যা চিকাৰ কৰিছিল৷বাসনা ঘাট নামেৰে ঠাইত এই বিলখন অৱস্থিত৷ প্ৰায় ১৫০০ মিটাৰ দৈৰ্ঘ্যৰ আৰু প্ৰায় ৯০ মিটাৰ বহল চাৰণ বিলৰ গভীৰতা ৩ৰপৰা ৫ মিটাৰৰ ভিতৰত বুলি জনা যায়৷

জনামতে ইয়াৰ মাটিকালি 1,704 বৰ্গকিঃমি৷ এই বিলখন জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল৷ অসম চৰকাৰে চাৰণ বিলক নাও খেলৰ বাবে সকলোতকৈ উপযুক্ত স্থান হিচাপে চিনাক্ত কৰে আৰু সেইমৰ্মে ২০০৭ চনত ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত নাওখেলৰ অন্যতম ক্ৰীড়াঙ্গণ হিচাপে ব্যৱহাৰ কৰিছিল। বিলখন স্থানীয়, আৰু পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি। এই বিলখনত কেইবাটাও প্ৰজাতিৰ কাছ আৰু শতাধিক প্ৰজাতিৰ মাছৰ প্ৰজাতি পোৱা যায়। 

ইতিহাসপ্ৰসিদ্ধ বিলখনৰ সংৰক্ষণ তথা সংবৰ্ধনৰ প্ৰচেষ্টা হাতত ললে পৰ্যটনৰ ব্যৱস্থা কৰা তাৰ যোগেদি অঞ্চলটোৰ যথেষ্ট নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰাৰ থল আছে।

মতাপুং মাগুৰী বিল

মতাপুং মাগুৰী বিল। তিনিচুকীয়া জিলা সদৰৰ পৰা প্ৰায় ১১ কি.মি. দূৰত্বত অৱস্থিত এই মতাপুং মাগুৰী বিলখনে প্ৰায় ১০ বৰ্গ কি.মি. ৰ এক বিস্তৃত এলেকা আৱৰি আছে। অসমৰ পৰ্যটন মানচিত্ৰত বিলখনে এক সুকীয়া আসন দখলৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বিল খনলৈ ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈকে নেপাল, চীন, জাপান, ম্যানমাৰ, ভূটান, শ্ৰীলংকা, উত্তৰ আমেৰিকা  আদিৰ পৰা তিনিশতকৈ অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে।

পক্ষীৰ এই বিচৰণস্থলীখনক বম্বে নেচ’নেল হিষ্ট্ৰী ছ’চাইটিয়ে (চমুকৈ BNHS) য়ে Important Bird Area IBA-IN-13 হিচাপে অভিহিত কৰিছে।

প্ৰতিবছৰে পানীডুবি, কৈলাঙী, পানী কাউৰী, মণিয়ৰী, কণামুচৰি, গো-বগ, মাজু-বগ, বামুনী-বগ, ইটাগুড়ীয়া, শামুকভঙা, বৰটোকোলা, শৰালি হাঁহ , বনৰীয়া পাতিহাঁহ , কিকি হাঁহ, বগা চিলনী, মৌ-খাপ, ডাউক, কোঢ়া চৰাই, কামচৰাই , দলমৰা, বালিঘোৰা, ফেঁচা, হুদু, মাছৰোকা, শালিকা, কাঠৰোকা, চেকচেকী, পাতসিয়া, ঢাপলিকা, দহি-কতৰা, শিলকতৰা, পথৰুৱা, মাটিমাহী ইত্যাদি চৰাই আহে বিলখনলৈ।বিলখনৰ ওপৰত থকা এক জনশ্ৰুতি মতে এসময়ত বিলখনত এটা নিমখৰ পুং আছিল।

পুংটোৰ পৰা নিগৰিত হোৱা লুনীয়া পানীয়ে বিলখনৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ বিস্তৰ ক্ষতিসাধন কৰিছিল বাবে স্থানীয় ৰাইজে মিলি পুঙটো বন্ধ কৰিবৰ  চেষ্টা কৰিও সফল নোহোৱাত বিভিন্ন পূজা-আৰ্চনা কৰি বিলখনৰ পাৰত এটা মতা ম’হ বলি দিয়াত সেই সমস্যা আঁতৰিছিল। এই মতা ম’হৰ ‘মতা’ আৰু নিমখ পুঙৰ ‘পুং’ শব্দ দুটা লৈ মতাপুং নামটোৰ উৎপত্তি হৈছিল বুলি জনা যায়।

পৰ্যটকসকলৰ পক্ষী নিৰিক্ষণৰ সুবিধাৰ্থে বিলখনৰ ওচৰে পাজৰে কেইবাটাও পৰ্যটন কুটীৰ গঢ় লৈ উঠিছে। ইয়াৰে কেইটামান হৈছে- কঁহুৱা ইক’-কেম্প, বনজুৰী কেম্প, মাগুৰী বাৰ্ডিং কেম্প, বনশ্ৰী ইক’-কেম্প, ৱেভ ইক’-টুৰিজম, গ্ৰীণ-বাৰ্ড টুৰিষ্ট ল’জ আদি।
 
পক্ষীবিদ ড০ ৰঞ্জন কুমাৰ দাসৰ ২০১৪ চনত প্ৰকাশিত পক্ষীৰ তালিকা অনুসৰি  মতাপুং মাগুৰী বিলত প্ৰায় ২৮৩ বিধ প্ৰজাতিৰ চৰাই  পোৱা যায়। আনহাতে  Baikal Bush warbler, White-Browed Crake,Black-Breasted Parrotbill নামৰ তিনিবিধ বিপন্ন প্ৰজাতিৰ পক্ষীৰো অৱস্থিতি ধৰা পৰিছে বিলখনত। বিলখনৰ আশে পাশে থকা ৬ খন গাঁওৰ লোকসকলে বিলখনলৈ যোৱা পৰ্যটকক আজিও উৎসাহেৰে সহায়ৰ হাত আগবঢ়ায় আহিছে।প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত থকা প্ৰকৃতিৰ এই ৰম্যভূমি আজি দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ থল আছে।

ইয়াক পৰিকল্পিতভাৱে পৰ্যটন বিভাগে আগবঢ়াই নিলে ‘মতাপুং মাগুৰি  বিল’  ৰাজ্যখনৰ বাবে নিঃসন্দেহে কেইবছৰমানৰ ভিতৰতে পৰ্যটকৰ কেন্দ্ৰবিন্দু হ’ব বুলি নিশ্চিতভাৱে কব পাৰি। এই ইতিহাসপ্ৰসিদ্ধ জৈৱবৈচিত্ৰৰ ভঁৰাল বিলখনত বিভিন্ন প্ৰজাতিৰ আলংকৰিক মাছৰ লগতে প্ৰায় ৬ টা প্ৰজাতিৰ কাছ, কেইবাপ্ৰকাৰৰ সাপ, অন্য সৰীসৃপ, উভচৰ প্ৰানী, কীট-পতংগ আদি দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি বিলখনৰ জলভাগত কেইবাবিধো বিপন্নপ্ৰায় জলজ উদ্ভিদ পোৱা গৈছে।

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈলখাদৰ পৰা মধুবনলৈ যোৱা তৈল পৰিবাহী পাইপলাইনৰপৰা তেল নিৰ্গত হৈ মাগুৰী বিল প্ৰদূষিত হৈছে বুলি সংবাাদ মাধ্যমত পঢ়িবলৈ পাইছিলো। ২০২০ চনৰ বাঘজানৰ অগ্নিকাণ্ডতো এই বিলখনৰ বিস্তৰ ক্ষতি সাধন হয় বুলি জনা যায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here