প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী ২১ঃ ২০১৪ চনৰ পৰাই বিভিন্ন সামাজিক কামত ব্ৰতী হৈ থকা প্রজ্ঞা ফাউণ্ডেছনে অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মার্চলৈ সমগ্ৰ অসম জুৰি এক বিশেষ জনজাগৰণ যাত্রা আয়ােজন কৰিছে।
এই যাত্ৰাৰ প্ৰান্তীয় সমিতিত প্রজ্ঞা ফাউণ্ডেছৰ সৈতে সংযুক্ত হৈছে অসমৰ প্ৰায় সকলাে সত্ৰৰ সত্ৰাধিকাৰসকল, বিশ্ববিদ্যালয়সমূহৰ উপাচার্যসকল, বহুতাে চিন্তাবিদ, লেখক আৰু অসমৰ ন-পুৰণি শতাধিক শিল্পী।
এই যাত্রাৰ বিষয়ে সমগ্র অসমবাসীক জ্ঞাত কৰাৰ নিমিত্তে কাইলৈ ইং ২৪ ফেব্ৰুৱাৰী তাৰিখ বুধ্বৰে দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ সভাকক্ষত এখন সংবাদ মেল আয়ােজন কৰিছে।
প্রজ্ঞা ফাউণ্ডেছনৰহৈ বিশিষ্ট শিক্ষাবিদ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূর্ব পদাধিকাৰ ভবেন্দ্রনাথ ডেকা আৰু বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াই এই সংবাদমেল সম্বােধন কৰিব।
এই সংবাদমেলতে সংস্কাৰ জাগৰণ যাত্ৰাৰ পত্রিকা আৰু পুস্তিকা মুকলি কৰা হ’ব এক প্ৰেছ বিজ্ঞপ্তি যোগে প্রজ্ঞা ফাউণ্ডেচনৰ সভাপতি জিতুল সােণােৱালে জানিবলৈ দিছে।