প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্ট সম্পৰ্কেঃ
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে আৰ্থ সামাজিক ব্যৱস্থাৰ অত্যন্ত শোচনীয় পৰিস্থিতি তথা মৌলবাদী, জেহাদীসকলে গা কৰি উঠি তেওঁলোকৰ জেহাদী কাৰ্যকলাপ অতি দ্ৰুত গতিৰে চলাই নিয়া আৰু অপ্ৰতিৰোধ্য অনুপ্ৰৱেশৰ সমস্যাই অসমৰ জনগাঁঠনিৰ আমোল পৰিৱৰ্তন সাধি নিজৰ দেশতে সংখ্যগুৰু সকলক সংখ্যালঘুত পৰিণত কৰিবলৈ অগ্ৰসৰ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ বুদ্ধিজীৱী, চিন্তাশীল লোকসকলৰ মনৰ কথা ব্যক্ত কৰিবলৈ এখন উমৈহতীয়া মঞ্চৰ প্ৰয়োজন অনুভৱ হোৱাত ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপী গৰীয়সী’ আপ্ত বাক্যশাৰী সৰোগত কৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত এখন নিৰ্ভিক বাতৰিকাকত প্ৰকাশ কৰাৰ অৰ্থে সিদ্ধান্ত লৈ অসম চৰকাৰৰ পঞ্জীয়ন আইন অনুসৰি পঞ্জীয়নভুক্ত (RNI Regn. No. ASSASS-2009-29405) প্ৰাগজ্যোতিষ প্ৰকাশন শীৰ্ষক স্বেচ্ছাসেৱী সংগঠনক তত্বাৱধানত ‘প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক’ কাকতখনে সত্যনিষ্ঠ আৰু বলিষ্ঠ বাতৰি প্ৰকাশ কৰি আহিছে ২০০৯ চনৰ ব’হাগ মাহৰ পৰা ৷ আৰম্ভণিৰ পৰা প্ৰতিটো বছৰতে ৰঙালী বিহু, স্বাধীনতা দিৱস, শাৰদীয় উৎসৱ আৰু গণতন্ত্ৰ দিৱস উপলক্ষে আলোচনী প্ৰকাশ কৰি উলিওৱা হৈছে৷ ইয়াৰ উপৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, পণ্ডিত দীনদয়াল উপাধ্যায়, ভাৰত কেশৰী শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বিশেষ সংখ্যা আলোচনী প্ৰকাশ কৰাৰ লগতে কিতাপ আকাৰেও প্ৰকাশ কৰি উলিওৱা হৈছে৷ ‘নতুন বাদুলী ফুকন আৰু অসমৰ ভৱিষ্যত’ শীৰ্ষক এখন গ্ৰন্থও ট্ৰাষ্ট্ৰৰ দ্বাৰা প্ৰকাশিত হৈছে৷ ট্ৰাষ্টৰ উদ্যোগত পাঠক-পাঠিকা আৰু সমাজৰ বিভিন্ন চিন্তাশীল ব্যক্তি, কবি-সাহিত্যিক, প্ৰৱন্ধকাৰ সকলক লৈ মাজে সময়ে আলাপ আলোচনা আদিও ট্ৰাষ্টৰ মজিয়াত অনুষ্ঠিত কৰি অহা হৈছে৷ মাজে-সময়ে সাহিত্য প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু গীতা শ্লোক প্ৰতিযোগিতা আদিও অনুষ্ঠিত হৈছে৷ ইতিমধ্যে ‘নাৰী সৱলীকৰণঃ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান’ আৰু ‘ভাৰতৰ সংবিধানৰ পৰিসৰত বাক আৰু ভাৱ প্ৰকাশৰ স্বাধীনতা’ শীৰ্ষক দুখন বক্তৃতা অনুষ্ঠানো ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত কৰি তাৰ ধাৰাবাহিকতা কাকত খনৰ জড়িয়তে প্ৰকাশ কৰি অহা হৈছে ৷ ট্ৰাষ্টৰ উদ্যোগত অইন এখন ইংৰাজী সাপ্তাহিক ‘ইশান দৰ্পণ’ বিগত ৬ ডিচেম্বৰ ২০১৮ তাৰিখৰ পৰা নিয়মীতভাৱে প্ৰকাশ পাই আহিছে৷
বিঃদ্ৰঃ- শীঘ্ৰে ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ’ বিশেষ সংখ্যা আলোচনী এখন প্ৰকাশৰ পথত৷
প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ বিষয়ববীয়াসকলঃ
খগেন শইকীয়া |
ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী |
শশীপ্ৰভা দাস |
ৰমেন চক্ৰৱৰ্ত্তী |
ঘনশ্যাম শইকীয়া |
হিতেশ্বৰ চক্ৰৱৰ্ত্তী |
সতীশ তহবিলদাৰ
|
চিন্ময় চৌধুৰী |
লক্ষী দত্ত
|
মনিপতি শৰ্মা |
যোগেশ্বৰ গোস্বামী |
সুধীৰ দাস |
ফনীন্দ্ৰ নাথ শৰ্মা |
পুখৰাজ(বাবুলাল)শ্ৰীমাল |
সত্যধৰ মটক, |
কুমুদ কোঁৱৰ |
ৰাজেশ ঝুনঝুনৱালা, |
ডাঃ লোকেন্দ্ৰ প্ৰসাদ ডেকা |
গুৰুপ্ৰসাদ মেধি |
অজিত কুমাৰ জানা |
|
|
জ্যোতিৰ্ময় শৰ্মা |
|