চালেই চকুৰোৱা নগাঁৱৰ হাহিলা বিলৰ প্ৰতি ভাবুকি! কাণ সাৰ নাই প্ৰশাসনৰ..

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ নগাঁৱৰ হাহিলা বিলৰ প্ৰতি ভাবুকি..

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ নগাঁও চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগৰ জলাহ গাঁৱৰ সমীপত অৱস্থিত হাহিলাবিল৷ বিভিন্ন প্ৰজাতিৰ থলুৱা চৰাই, সৰীসৃপ আদিৰ বাসস্থান এই হাঁহিলা বিলৰ সন্মুখত শেহতীয়া ভাৱে একাংশ লোকৰ বাবেই কিছু ভাবুকিৰ সৃষ্টি হৈছে৷

দেশী- বিদেশী বিভিন্ন প্ৰজাতিৰ পক্ষীৰ মুক্ত বিচৰন ভুমি এই হাহিলা বিল৷ এই বিলসংৰক্ষণ কৰিবৰ বাবে বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে আজি লৈকে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই৷

এই বিলখন বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ, কাছ, অজগৰ সাপ,আৰু বিভিন্ন মূল্যবান জলজ উদ্ভিদৰে পৰিপূৰ্ন৷ তদুপৰি দুস্প্ৰাপ্য কাম চৰাইৰ বাসস্থান। প্ৰায় ১০০০ বিঘা মাটিৰে আবৰি থকা এই বিলখনৰ প্ৰাকৃতিক দৃশ্যও অতি মনোৰম৷

শীত কালি বিভিন্ন পৰিভ্ৰমী চৰাইৰে মুখৰিত হৈ থকা হাহিলা বিল সম্প্ৰতি একাংশ আত্মসহায়ক গোটৰ লগতে সমীপবৰ্তী কিছু লোকে একাংশ ভূমি দখল কৰি জৈৱ বৈচিত্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এই আত্মসহায়ক গোট আৰু একাংশ লোকে বিভিন্ন পক্ষী নিধন কৰাৰ লগতে মাছ,কাছ ধৰি বিল খনলৈ ভাবুকি কঢ়িয়াই আহিছে৷

উল্লেখ যে, ২০০৫ চনত তেতিয়াৰ নগাঁও জিলাৰ উপায়ুক্ত ডাঃ জে.বি এক্কাই কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব মন্ত্ৰনালয়ৰ সচিব প্ৰধানলৈ হাহিলা বিলক নেচনেল বায়লজিকেল গাৰ্ডেন কাম টুৰিষ্ট চেন্টাৰ হিচাপে স্বীকৃতি প্ৰদান কৰি অৰ্থ-সাহায্য দিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল৷ ২০০৫চনৰ ২৮ মাৰ্চত তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে হাহিলা বিল সংৰক্ষন কৰাৰ বাবে নগাঁও জিলাৰ উপায়ুক্তক যাবতীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ নিদেৰ্শনা দিছিল৷ ৰাষ্ট্ৰপতি কাৰ্য্যলয়ৰ সচিব আৰ কে দাসে ৰাষ্ট্ৰপতি হৈ প্ৰেৰণ কৰা ৫/আৰ চেল /২০০৫/২৮ মাৰ্চ মৰ্মে নগাঁও উপাযুক্তক দিয়া চিঠিৰ ভিত্তিত সেই সময়ৰ নগাঁও উপায়ুক্তই এই সন্দৰ্ভত প্ৰস্তুুতি চলাইছিল যদিও ৰহস্যজনক কাৰণত সেইয়া হৈ নুঠিল৷

উল্লেখ যে, শীত কালৰ সময়ৰ পৰা বসন্ত কালৰ সময়লৈকে ৰাজ্যৰ বিভিন্ন বনভোজ দলে বিলখনত ভিৰ কৰি উৎসৱমূখৰ পৰিবেশ সৃষ্টি কৰে৷ মাজেসময়ে বিদেশী পৰ্য্যটকো আহে। শেহতীয়া ভাবে বিল খনৰ কাষত ৰিজৰ্টো খোলা হৈছে৷ ৰিজৰ্টে কিছু পৰিবেশ বিনষ্ট কৰিছে বুলি একাংশ লোকে অভিযোগ কৰিছে৷ জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ন এই বিলখন পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা আছে৷

নগাঁও জিলাৰ উত্তৰ-পূৱ দিশত অৱস্থিত ননৈৰ নিচেই গাতে লাগি থকা এই হাহিলা বিলৰ পক্ষীসমূহ হ’ল- চাইবেৰিয়ান ৰাজহাঁহ, দেওহাঁহ, শ’ৰালি হাঁহ , বৰটোকোলা, শামুকভঙা, কামচৰাই, পানীকাউৰী, বগলী, ছিলনী, কনামুচৰি , ডৰিক, চুটীয়া শালিকা, তেলডুবি, শালিকা, টুনী, ভুৰুং , বালিমাহী, কুলি, কুকুহা, ফেঁচা, কপৌ, হাইঠা, হেতুলকা, কেতেকী, আদিৰ লগতে বৰকাছ, অজগৰ, ৰজা ফেঁটি, উদ,কুচীয়া ,শাল , কেঁকোসাপ, গোৱালাসাপ, বাদুলী,অগণন সৰু বৰ মাছ,কেঁকোৰা, পানীপৰুৱা, জিঁয়া, জোনাকী পৰুৱা, পখিলা ইত্যাদি।আনহাতে ইয়াৰ উদ্ভিদ সম্পদবোৰ হ’ল পদুম, ভেঁট, বগা কচু, কলমৌ, মেটেকা, কাঁইটীয়া ফুলগছ, দলঘাঁহ, শিঙৰী,তৰা , নানান জলজ উদ্ভিদ আৰু তৃণেৰে ভৰপুৰ । এই হাঁহিলা বিলত বিশাল বট ,বৰ, শিমলু, আজাৰ, আসত , আম, দিমৰু আদি গছ আছে।

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয়- ইয়াৰ দাতিকাষৰীয়া মানুহৰ অদূৰদৰ্শিতামূলক কাম- কাজৰ লগতে বনবিভাগৰ অনিহা তথা ইয়াক সংৰক্ষণৰ সুপৰিকল্পিত পৰিকল্পনা নথকা হেতুকে এই পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি হাহিলা বিলখন বিলুপ্তিৰ গঢ়াহত পৰিছে।

তাৎপৰ্যপূৰ্ণ কথা যে, চৰকাৰে হাহিলা বিলখনক পক্ষী অভয়াৰণ্য বুলি ঘোষনা কৰিবলৈ প্ৰকল্প হাতত লৈছিল যদিও এতিয়া সেই বিষয়ে দল-সংগঠন,প্ৰকৃতি প্ৰেমীৰ লগতে ইয়াৰ সংৰক্ষণৰ লগত জড়িত এন.জি .অ. আদি অৱগত নহয়। অন্য হাতে এটা কথা মন কৰিবলগীয়া যে হাহিলা বিলৰ চাৰিসীমাত বসবাস কৰা লোকসকলেও হাহিলা বিলৰ যি ভৌগোলিক অৱস্থিতি কৃষি কাৰ্যয়েই হওঁক নতুবা অন্য দিশেৰেই হওঁক বিপদ চপাই আনিছে । কিন্তু তেওঁলোকৰ পূৰ্বজসকলেতো হাহিলা বিলৰ লগতেই মানে হাহিলা বিলৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰ একবিন্দুও হীন দেৰি নোহোৱাকৈ সহাৱস্থান কৰিছিল। তেওঁ লগতে কয় চোৰাং চিকাৰীৰ লগতে বন বিভাগে নিৰ্বিচাৰে জাৰি কৰা আপত্তি বিহীন প্ৰমাণ পত্ৰৰ দ্বাৰা হাহিলা বিলত গঢ়ি তোলা নিৰ্মাণ কাৰ্য বন্ধ কৰিব লাগিব। বনিয়াই কয় হাহিলা বিলৰ বৰ্তমান থকা বনজ সম্পদ আৰু প্ৰাণী সম্পদৰ লগতে পৰিভ্ৰমী চৰাইৰ এক সঠিক জৰীপ কৰাটো প্ৰয়োজন৷

জৰীপৰ পাছত ইয়াৰ সংৰক্ষণৰ বাবে বন বিভাগৰ বিষয়া কৰ্মচাৰীক বাধ্য কৰাব লাগিব আৰু ইয়াৰ ওপৰিও হাহিলা বিলৰ ভৌগোলিক সীমাত বসবাস কৰা সকলোৰে মাজত পৰিৱেশ সচেতনতা সম্পৰ্কীয় সজাগতা আনিব লাগিব। জিলাখনৰ বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনে হাহিলা বিলখনক সংৰক্ষণ কৰিবৰ বাবে ইতিমধ্যে চৰকাৰক দাবী জনাইছে।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!