দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২২নৱেম্বৰ ২০২১:

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ২০-২১ নৱেম্বৰত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ, কে়ডেট, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল’ৰা আৰু ছোৱালী উভয় শাখাত ইভেন্টসমূহ অনুষ্ঠিত হয়।

তদৰ্থ কমিটিৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতাৰ আদৰণি ভাষণেৰে আৰম্ভ কৰা  প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি আৰু উদ্বোধক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ তথা বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা,  প্ৰণয় বৰদলৈ বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, অনুপ চৌধুৰী, হীৰেণ গগৈ, উত্তম ব্ৰহ্ম।

উল্লেখ্য যে, অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে জনোৱা অনুসৰি কোনো খেলুৱৈৰ পৰা যোগদান মাচুল গ্ৰহণ নকৰাকৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুযোগ দিয়াত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ৩৩ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!