স্বাস্থ্য মন্ত্ৰীৰ কেশৱ মহন্তৰ উপস্থিতিত আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৬ষ্ঠ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২ নৱেম্বৰ ২১ঃ
স্বাস্থ্য মন্ত্ৰীৰ কেশৱ মহন্তৰ উপস্থিতিত আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৬ষ্ঠ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন।
আজি জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৬ষ্ঠ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস। আয়ুৰ্বেদ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।অনুষ্ঠানত উপস্থিত মন্ত্ৰী গৰাকীৰ ঘোষণা, অসম চৰকাৰে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসা প্ৰণালীৰ লগতে যোগ শিক্ষাৰ প্ৰসাৰৰ বাবে গুৱাহাটীত এটা সংহত আয়ুষ চৌহদ (Integrated Ayush Complex) আৰু ডিব্ৰুগড়ত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান’ (Institute of Yoga & Naturopathy) স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইপিনে ৰাজ্যৰ চিকিৎসা সেৱা ব্যৱস্থাত হীৰক জয়ন্তী বৰ্ষ গৰকাৰ পথত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়খনক ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় তথা অসম চৰকাৰৰ যুটীয়া সহযোগত ভাৰতবৰ্ষৰ এখন আগশাৰীৰ আয়ুৰ্বেদিক মহাবিদ্যালয়লৈ পৰ্যবসিত কৰাৰ পৰিকল্পনা হাতত লোৱা কথাও নিজৰ ভাষণত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।
আজিৰ অনুস্থানত স্বাস্থ্য মন্ত্ৰীৰ লগত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা প্ৰতিষ্ঠান খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক তথা আয়ুষ সঞ্চালকালয়ৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ, নাড়ী গুৰু আচাৰ্য বৈদ্য সঞ্জয় কুমাৰৰ লগতে চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমা কান্ত শৰ্মাও উপস্থিত থাকে।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!