হীৰেন মেধীৰ গল্প সংকলন চক্ৰৱৎ উন্মোচন

‘কথাশিল্পী গৰাকীৰ গল্পত মানৱতা প্ৰকাশ কৰাৰ লগতে এটা সুকীয়া বাৰ্তা আছে৷ বাস্তৱ জীৱনৰ অনুভূতিৰে গল্পবোৰ ৰচিত হোৱা বাবে মেধিৰ গল্পসমূহ চুটি গল্পৰ মৰ্যদা লাভ কৰিবলৈ সমৰ্থ হৈছে৷’

সুলেখক হীৰেন মেধিৰ ৰচিত গল্প সংকলন ‘চক্ৰৱৎ’ উন্মোচন কৰি এনেদৰে মন্তব্য আগবঢ়ায় কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ দিগন্ত কুমাৰ দাসে৷ মহানগৰীৰৰ টকৌবাৰীৰ ভূপেন্দ্ৰনালয়ত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থকা ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ জ্যেষ্ঠ প্ৰৱন্ধক কবি বিপুল কলিতাই গল্পবোৰৰ আংগিকৰ দিশটোৰ লগতে লেখকৰ ভাষা আৰু জ্ঞানৰ ওপৰত থকা দখলৰ বিষয়ে উল্লেখ কৰে৷ আন এগৰাকী বিশিষ্ট অতিথি কাহিনীকাৰ চলচ্চিত্ৰ নিৰ্মাতা অশোক শৰ্মাই মেধিৰ গল্পবোৰত নাটকীয় চৰিত্ৰ বিৰাজমান হোৱাৰ বিষয়ে কয়৷ অনুষ্ঠানত কবি সমালোচক কুমুদ চন্দ্ৰ ডেকাই নীৰৱ সাধনাৰে সাহিত্য চৰ্চা কৰি অহা লেখকগৰাকীক এজন প্ৰকৃত সুন্দৰৰ সাধক বুলি প্ৰশংসা কৰে৷ সভাত উপস্থিত থকা সাংবাদিক লাচিত বৰ্মনে লেখকৰ গল্পৰ সৈতে বহুদিনীয়া পৰিচয় থকাৰ বিষয়ে উল্লেখ কৰি গল্প সংকলনখনৰ গল্পবোৰৰ ওপৰত মনোজ্ঞ বিশ্লেষণ আগবঢ়ায়৷ হীৰেন মেধিৰ আদৰণি সভাৰে আৰম্ভ হোৱা সভাখনত অনাতাঁৰ শিল্পী তুলিকা লহকৰ আৰু চেমিমা বেগমে গীত পৰিৱেশন কৰে৷ উদীয়মান কবি কৌস্তভ নাৰায়ণ মেধিৰ কবিতা পাঠৰ লগতে ভয়লিন বাদনেৰে সুৰৰ মূৰ্চনা তোলে কাব্যাঞ্জল কুমাৰ দাসে৷ সভাখনত আঁত ধৰে ৰাজ নাৰায়ন মেধিয়ে৷

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!