যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটী মহানগৰীত চেনীটাইজেচন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৪ মে’ ২১ঃ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত যোৱা ২২ মে’ত গুৱাহাটীৰ আমবাৰী, ফাঁচীবজাৰ, উজান বজাৰ, চান্দমাৰী, গণেশগুৰি, আদাবাৰী, বেলতলা আদি বিভিন্ন স্থানত কভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চেনীটাইজেচন কাৰ্য্যসূচীৰ আৰম্ভ কৰে।

দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যলয়ত যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, সাধাৰণ সম্পাদক পল কাশ্যপ, হৃষিকেশ শৰ্মা, সুশান্ত দেৱ চৌধুৰী, জাহিৰ চৌধুৰী, সঞ্জয় অসমীয়াৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া, সদস্যৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি দিপাঙ্কৰ দাসসহ বিষয়ববীয়া আৰু সদস্য উপস্থিতিত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে।

কভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম যুৱ পৰিষদে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যখনতে বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী আৰু চেনীটাইজেচনৰ কাৰ্য্যসূচী হাতত লৈছে।

এক প্ৰেছ বিবৃতিত পৰিষদৰ সভাপতি জিতু বৰগোহাঁয়ে যুৱ পৰিষদৰ সকলো বিষয়ববীয়া আৰু সদস্যকে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰ তথা প্ৰশাসনৰ লগত সহযোগিতা কৰি আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

Rs 5-crore bell-metal entrepreneur’s loans to be written off

Guwahati: Assam chief minister Himanta Biswa Sarma, during a day-long visit to Barpeta district on 29 September, took part in a number of events...

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী...

PFI নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: