সাহিত্য পৰ্যালোচক ধীৰেন শইকীয়ালৈ সম্বৰ্ধনা

প্ৰাগজ্যোতিষ বাৰ্তা ,বালিপোতা,দৰংঃ দৰঙৰ ঐতিহ্যমণ্ডিত বালিপোটাত দৰং কবি সমাজৰ সৌজন্যত অনুষ্ঠিত অসম কবি সমাজৰ পয়ত্ৰিশ সংখ্যক প্ৰতিষ্ঠা দিৱস এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেৰ মাৰ্চত অনুষ্ঠিত হৈ যায়।এই বৰ্ণাঢ্য এই অনুষ্ঠানত পতাকা উত্তোলন,বন্তি প্ৰজ্বলন,মুকলি সভা,কাব্য সংকলন উন্মোচন আৰু কবি সমাৰোহৰ প্ৰতিটো কাৰ্যসূচীয়েই আছিল উপভোগ্য।  উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানখনত অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈ,সম্পাদকপ্ৰধান ৰাজীৱ কুমাৰ ফুকন,বিশিষ্ট কবি ড.হৃদয়ানন্দ দাস, লোক সংস্কৃতি গৱেষক তৰুণ আজাদ ডেকা,লেখিকা মনীষা শৰ্মা,অধ্যাপক হেমেন ৰাজবংশী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস,লেখক ড. ভবেশ দাস, বিনয় চলিহা, উদ্যোগী হেমপ্ৰভা দেৱী,দৰং কবি সমাজৰ সভাপতি চন্দ্ৰ প্ৰসাদ শইকীয়া,গৌতমজ্যোতি তালুকদাৰ,ডা. কমলা কান্ত শৰ্মা,দৰং কবি সমাজৰ সম্পাদক জয়ন্ত ৰাজবংশী আদিৰ অংশগ্ৰহনে কাৰ্যসূচী উপভোগ্য হৈ উঠে লগতে চল্লিশগৰাকী বিশিষ্ট কবিয়ে কবি সমাৰোহত স্বৰচিত কবিতা পাঠ কৰে।এই অনুষ্ঠানৰ মুকলি সভাতেই জ্যেষ্ঠ সাংবাদিক,বিশিষ্ট লেখক, অধ্যক্ষ ধীৰেন শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। সমাজ আৰু সাহিত্যৰ দিশলৈ আগবঢ়োৱা অতুলনীয় বৰঙণিৰ চিনস্বৰূপে দৰং জিলা কবি সমাজে তেওঁৰ কৰ্মকুশলতা প্ৰকাশ কৰি এখন সম্বৰ্ধনা পত্ৰ, গামোচা আগবঢ়ায় শইকীয়ালৈ। দৰঙৰ ঐতিহ্যপূৰ্ণ ছিপাঝাৰৰ অন্তৰ্গত আঠিয়াবাৰী গাঁৱৰ বিশিষ্ট অৱসৰী শিক্ষক বীৰেশ্বৰ শইকীয়াৰ জ্যেষ্ঠ সন্তান ধীৰেন শইকীয়া  গুৱাহাটীৰ নুনমাটিস্থিত পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ সমান্তৰালভাৱে বিভিন্ন জনপ্ৰিয় বাতৰি কাকত,আলোচনীত নিয়মীয়াকৈ প্ৰবন্ধ, কবিতা,গল্প,উপন্যাসিকা,গ্ৰন্থ পৰ্যালোচনা আদি আগবঢ়োৱাৰ লগতে দৰঙৰ নৱ প্ৰজন্মৰ লেখক লেখিকাসকলক এই দিশত বিভিন্ন ধৰণে উৎসাহিত কৰি আহিছে। সত্তৰৰ দশকৰ পৰাই লেখা মেলাৰ লগত জড়িত শইকীয়া সামাজিক মাধ্যমৰো এগৰাকী জনপ্ৰিয় লেখক। অসমত ইতিবাচক তথা বিকাশমূলক সাংবাদিকতাৰ বাটকটীয়া শইকীয়া সম্প্ৰতি কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা যদিও দৰঙ জিলাৰ বিভিন্ন সাহিত্য সামাজিক অনুষ্ঠানৰ লগতে বিভিন্ন ধৰণে সততে জড়িত হৈ এগৰাকী ‘দৰঙ প্ৰান’ সমাজহিতৈষীৰ পৰিচয় দি আহিছে। আধুনিক অসমীয়া কবিতা, ইতিহাস, বিজ্ঞানৰ বিবিধ বিষয়ৰ তত্বমূলক আলোচনা,সাম্প্ৰতিক সামাজিক সমস্যা এইসমূহেই তেওঁৰ লিখাৰ বিষয়বস্তু।আধুনিক অসমীয়া কবিতাৰ কাব্যপৰ্যালোচকৰূপে সমাদৃত শইকীয়া এগৰাকী সুবক্তাও। বহু গবেষনাধৰ্মী তথা তথ্যগধুৰ নিবন্ধ ৰচনাৰে তেওঁ অন্যতম সামাজিক দায়বদ্ধতাৰ পৰিচয় দি আহিছে।কেইবাটাও দশক জুৰি অসমীয়া ভাষাৰ মাধ্যমেৰে জাতিটোক স্বকীয় পৰিচয় দিবলৈ সক্ষম হোৱা অসমৰ জাতীয় বিদ্যালয় আন্দোলনৰ অন্যতম হোতা বুলি স্বীকৃত  বিদ্যায়তনিক দিশতো শইকীয়াই কেইবাখনো বিদ্যালয় সুপৰিচালনাৰে যথেষ্ট অৱদান আগবঢ়াই আহিছে ।

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

Rs 5-crore bell-metal entrepreneur’s loans to be written off

Guwahati: Assam chief minister Himanta Biswa Sarma, during a day-long visit to Barpeta district on 29 September, took part in a number of events...

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী...

PFI নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: