শিৱসাগৰৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৩ জুন ২১ঃ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক স্বৰূপ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।

শিৱসাগৰ জিলা ভ্ৰমণ কালত শিক্ষামন্ত্ৰীগৰাকীয়ে আমগুৰিৰ আউনিআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবাম চাহ বাগিচা, আমগুৰি চাহ বাগিচা, নাজিৰাৰ অধীনস্থ বৰছিলা চাহ বাগিচা, মেকীপুৰ চাহ বাগিচা, নাজিৰা নাট্য মন্দিৰ, শিমলুগুৰি নাট্য মন্দিৰ আৰু শিৱসাগৰ নগৰৰ মিলন মন্দিৰত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে। ৗতেওঁ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি এইসমূহত চলি থকা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰী গৰাকীয়ে প্ৰতিষেধক প্ৰদান কাৰ্যৰ লগত জড়িত স্বাস্থ্যকৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত- বিনিময় কৰাৰ লগতে কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধাসমূহৰ বিষয়ে বিশদভাৱে বুজ লয়।

কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ২১ জুনৰ পৰা আৰম্ভ হোৱা মেগা প্ৰতিষেধক প্ৰদান অভিযান সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ ক’ভিড প্ৰতিষেধকৰ শূণ্য অপচয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱা বিষয়টো নিশ্চিতভাৱে প্ৰশংসনীয়। তেওঁ মেগা প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা ইতিবাচক সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ লগতে কয় যে, জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হ’ব।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, সমাজকৰ্মী সুৰভি ৰাজকুঁৱৰী আৰু ময়ূৰ বৰগোঁহাই উপস্থিত থাকে।

ইয়াৰ পিছতেই শিক্ষামন্ত্ৰীগৰাকীয়ে দিচাংমুখত উপস্থিত হৈ অফলাত চলি থকা গৰাখহনীয়া প্ৰতিৰোধী কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

তেওঁ এই সন্দৰ্ভত জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰবীণ ভূঞা আৰু কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰৰ লগত বিস্তৃতভাৱে আলোচনা কৰে। গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ স্থানীয় ৰাইজক অৱগত কৰে।

মন্ত্ৰীগৰাকীৰ অফলা অঞ্চল পৰিদৰ্শন কালত উপায়ুক্ত বিষ্ণু কমল বৰা, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত আৰু সমাজকৰ্মী তথা জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী বিশেষভাৱে উপস্থিত থাকে।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়া ছুটী, Swiggyয়ে ঘোষণা কৰিলে নতুন নীতি

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী...

ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযানত উৎকোচ লৈ হাতে লুটে ধৰা পৰিল জিএমচিৰ সহকাৰী অভিযন্তা

আজি ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযান চলাই। অভিযানত গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ লোৱাৰ সময়ত হাটে লোটে ধৰা পৰে। আজি...

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: