প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীঃ আজি নুনমাটিৰ গোপালনগৰস্থিত পঞ্চদীপ জাতীয় বিদ্যালয়ত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ ‘মহাপুৰুষ দিৱস’ ৰূপে উলহমালহেৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পালন কৰে । বন্তি প্ৰজ্বলনৰ পিছতেই শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত প্ৰাৰ্থনা। ইয়াৰ পিছতেই গুৰুজনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাত,বৰগীত আদি পৰিৱেশন কৰাৰ লগতে গুৰু দুজনাৰ অৱদানৰ বিষয়ে স্বৰচিত প্ৰবন্ধও পাঠ কৰে।বিদ্যালয়ৰ অধ্যক্ষ, অসমত ইতিবাচক খবৰৰ বাটকটীয়া, বিশিষ্ট লেখক,সাহিত্য পৰ্যালোচক ধীৰেন শইকীয়াই মহাপুৰুষ মাধৱদেৱৰ গুনানুকীৰ্তন কৰা এই অনুষ্ঠানখনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটা পৰ্যায়ত মহাপুৰুষ দুজনাৰ অৱদানৰ ওপৰত থিতাতে লিখা ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উল্লেখ্য যে এই ৰচনা প্ৰতিযোগিতাত ভাগ লয় বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে । পিছত বামুনীমৈদামস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰৰ সৌজন্যত আয়োজিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ অনুষ্ঠানতো অংশগ্ৰহন কৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে। এই অনুষ্ঠানত বিদ্যালয়ৰ দহগৰাকী ছাত্ৰ ছাত্ৰীয়ে মহাপুৰুষ গুৰুদুজনাৰ অৱদান বিষয়ক ৰছনা প্ৰতিযোগিতাত অংশগ্ৰহন কৰি পুৰস্কৃত হয়।
এই প্ৰতিযোগিতাত বিদ্যালয়ৰ দশম শ্ৰেনীৰ ছাত্ৰী প্ৰনামী বৈশ্যই দ্বিতীয় স্থান অধিকাৰ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে । উক্ত সভাত বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰ সমাজে উঠি অহা প্ৰজন্মৰ মাজত শংকৰী আদৰ্শ প্ৰচাৰ প্ৰসাৰৰ বাবে অনুষ্ঠানখনক ভূয়সী প্ৰশংসা কৰে।