চামগুৰি কদমগুৰিত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১ জুলাই ২১ঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কদমগুৰিত আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু নগাঁও এন্টি নাৰ্কৰ্টিকছ স্কোৱাডৰ সহযোগত এটা আৰক্ষী দলে এক গোপন খৱৰৰ ভিত্তিত বুধবাৰে দুপৰীয়া ভাগত কদমগুৰিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আইনুউদ্দিনৰ পুত্ৰ আশ্বাদুল ইছলাম(১৮) আৰু চুলতানউদ্দিনৰ পুত্ৰ তাইজুল ইছলাম(২০) নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী যুৱক পৰা ড্ৰাগছ ভৰ্ত্তি ১৩ টা কণ্টেইনাৰ আৰু ৫ টা খালি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি বুলি জানিব পৰা গৈছে৷

আনহাতে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৰূপহীহাট আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূূূত্ৰে জানিব পৰা গৈছে৷

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়া ছুটী, Swiggyয়ে ঘোষণা কৰিলে নতুন নীতি

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী...

ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযানত উৎকোচ লৈ হাতে লুটে ধৰা পৰিল জিএমচিৰ সহকাৰী অভিযন্তা

আজি ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযান চলাই। অভিযানত গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ লোৱাৰ সময়ত হাটে লোটে ধৰা পৰে। আজি...

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: