১১জুলাই-বিশ্ব জনসংখ্যা দিৱসৰ উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ই-স্বাক্ষৰ অভিযান আৰম্ভঃ অসম বৰ্তমান বিশেষ ধৰ্মৰ গোপন এজেণ্ডাৰ চিকাৰ হৈছেঃ শিৱ প্ৰসাদ শৰ্মা

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২ জুলাই ২১ঃ জনসংখ্যা বিস্ফোৰণৰ ফলত দেশৰ জনগাঁথনি সুস্থিৰতালৈ প্ৰচণ্ড ভাবুকি আহি পৰাৰ উপৰিও দেশৰ ঐক্য আৰু অখণ্ডতালৈ ভাবুকি আহি পৰিছে৷

সেয়েহে আমি সমগ্ৰ ভাৰততে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতাৰে দাবী জনাই আহিছো৷ আৰু লগতে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ অভিযান চলাই আহিছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে।

সেই দৃষ্টি আগত ৰাখি আগন্তুক ১১জুলাই-বিশ্ব জনসংখ্যা দিৱস আৰু জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিজিটেল অনলাইন ই-স্বাক্ষৰ অভিযানৰ জৰিয়তে ১ লাখ স্বাক্ষৰৰে একোখন স্মাৰক পত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা লক্ষ্যৰে এই অভিযান জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উত্তৰ-পূৱ ভাৰত ক্ষেত্ৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেৰ প্ৰথম স্বাক্ষৰৰে শুভ আৰম্ভ কৰা হৈছে বুলি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামীয়ে এক প্ৰেছ বিবৃতিৰ জড়িয়তে জানিবলৈ দিছে৷

স্বাক্ষৰ অভিযানৰ শুভ আৰম্ভ কৰি অধ্যক্ষ পাণ্ডেই শ্ৰদ্ধাৰ দেশবাসীক আহ্বান জনাই কয় যে “জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ” ৱেবছাইট www.jsfnortheastindia.orgলৈ গৈ অনলাইন গণ স্বাক্ষৰ অভিযানক সফল কৰি মানবতাৰধৰ্ম আৰু প্ৰকৃতি সুৰক্ষাৰ অৰ্থে নিজৰ নিজৰ বহুমূলীয়া স্বাক্ষৰ প্ৰদান কৰি লাগে।

এই অনলাইন গণ-স্বাক্ষৰ অভিযান সফল কৰিবৰ বাবে উত্তৰ-পূৱ ক্ষেত্ৰৰ ত্ৰিপুৰাৰ অধ্যক্ষ ড০ পাৰ্থ চক্ৰৱৰ্তী, মহিলা শক্তি সংযোজক ড০ বিজয়া মিত্ৰ, সংগঠন মন্ত্ৰী পাৰ্থ চৌধুৰী, মণিপুৰৰ অধ্যক্ষ ড০ ধীৰেণ সিংহ, মহিলা শক্তি সমন্বয়ক ড০ জয়ালক্ষ্মী দেবী, সংগঠন মন্ত্ৰী অজিত মেতি, মেঘালয়ৰ সমন্বয়ক ৰুপম শৰ্মা আৰু অসমৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা, সংগঠন মন্ত্ৰী ইস্পিতা বৰুৱা, স্বাস্থ্য সমন্বয়ক জাহ্নৱী গোস্বামীক জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উত্তৰ-পূৱ ভাৰত ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে আৰু সংগঠন মন্ত্ৰী ড০ শুভজিৎ চৌধুৰীৰ স্বাক্ষৰিত এক পত্ৰৰ দ্বাৰা তদাৰকৰ দায়িত্ব প্ৰদান কৰে।

আনহাতে এই ই-স্বাক্ষৰ অভিযানৰ অসমত প্ৰথম চহী কৰি জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই কয় যে, অসম বৰ্তমান এক বিশেষ ধৰ্মৰ গোপন এজেণ্ডাৰ চিকাৰ হৈছে। সেয়েহে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মনত ই এক গভীৰ শংকা ঘনীভূত কৰিছে।

আনহাতে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা জনসংখ্যা সমাধান ফাউণ্ডেচন, অসম প্ৰান্তৰ সংযোজক ড০ জ্ঞানেন্দ্ৰ ৰ্বমনে কয় যে, অসমত Total Fertility Rate (TRF) যি এক অসন্তুোলন বৰ্তি আছে তেনেকৈ হ’লে দুটা দশকৰ পিছত অসমত খিলঞ্জীয়া লোকৰ সংখ্যা ৪০% (চল্লিছ শতাংশৰ) তললৈ নামিব।

আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি Total Fertility Rate (TRF) হ’ব লাগে ২.১% কিন্তু যোৱা প্ৰায় ১৫ বছৰত অসমত খিলঞ্জীয়াৰ এই হাৰ ২.১% যথেষ্ট কম আছে এয়া উদ্বিগ্নতাৰ বিষয়। সেয়ে অসম চৰকাৰে অতিশীঘ্ৰে অসমৰ জনসংখ্যা বিস্ফোৰণ হোৱা অঞ্চলসমূহ চিনাক্ত কৰি বন্ধ্যাকৰণকে ধৰি সকলো যাৱতীয় ব্যৱস্থা কঠোৰভাৱে প্ৰণয়ন কৰিব লাগে বুলি কৈ সকলো লোককে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে www.jsfnortheastindia.org জৰিয়তে আৰম্ভ কৰা ই-স্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ অধ্যাপক ড০ জ্ঞানেন্দ্ৰ বৰ্মনে আহ্বান জনাইছে৷

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

“নিজ কলা-সংস্কৃতি অবিহনে এটা জাতি জীয়াই নাথাকে।”—অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা

"নিজ কলা-সংস্কৃতি অবিহনে এটা জাতি জীয়াই নাথাকে।" — অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ১৮ ছেপ্টেম্বৰত নন্দনতাত্ত্বিক  ত্ৰৈলোক্যনাথ...

প্ৰধানমন্ত্ৰীয়ে নিলাম কৰিলে অলিম্পিয়ানৰ উপহাৰ! লাভলীনাৰ গ্লাভছৰ নিলাম মূল্য সৰ্বাধিক

দেশৰ সাংস্কৃতি মন্ত্ৰালয়ে ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে। ই-নিলামৰ পৰা প্ৰাপ্ত ধন নমামি গঙ্গা মিছনক প্ৰদান কৰা হ’ব। ই-নিলামত...

শোকাবহ! একেটা পৰিয়ালৰে পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ

শোকাবহ! এখন ঘৰৰে ৫জন লোকৰ মৃতদেহ উদ্ধাৰ। বেংগালৰুৰ এখন ঘৰৰ চাৰিজন লোকক চিলিঙত ওলমি থকা অৱস্থাত আৰু ৯ মহীয়া শিশুটিক বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!


Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 63

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 64

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 65

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 66

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 67

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 68

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 69

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 70

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 71

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 72

Notice: Trying to access array offset on value of type bool in /home/jigyasac/pragjyotishassam.com/wp-content/plugins/get-chat-app/get-chat-app.php on line 73
%d bloggers like this: