অপৰাধীক ৰক্ষনাবেক্ষন বিৰোধীৰ, কোন এই জয়নাল ?

♦প্ৰাগজ্যোতিষ বাৰ্তা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে অপৰাধীৰ ক্ষেত্ৰত ৰাজ্য চৰকাকে সম্পূৰ্ণ শূন্য সহনশীল নীতি গ্ৰহন কৰিব। তৎসত্বেও অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে লোৱা কঠোৰ পদক্ষেপক সমালোচনা কৰিছে বিৰোধীয়ে। ডকাইত, লুন্ঠনকাৰী, নানা অপৰাধৰ লগত জড়িত দুৰ্বৃত্তৰ হৈ একপ্ৰকাৰ ওকালতি কৰিছে কংগ্ৰেছ, অখিল গগৈ, এ আই ইউ ডি এফ, বামপন্থী, অজিত কুমাৰ ভূঞা আদিয়ে। ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ হাতত বিকল্প কোনে পথ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত দৃঢ়তাৰে কৈছে যে মুখ্যমন্ত্ৰীৰ চকীখনত তেওঁ বহি থকালৈকে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত কোনো আপোচ নকৰে।
ইয়াৰ বাবে প্ৰয়োজনত যিমান সমালোচনাৰ সন্মুখীন হ’ব লাগে হ’বলৈ প্ৰস্তুত বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিছে। আশ্চৰ্যজনক কথাটো হ’ল জয়নাল আবেদিন নামৰ ধিঙৰ দুৰ্ধৰ্ষ অপৰাধীক বিৰোধী দল, একাংশ লোকে নিৰপৰাধী সজাবলৈ উঠিপৰি লাগিছে। এনকাউন্টাৰত নিহত জয়নাল আবেদিনৰ আছে অপৰাধৰ দীঘল তালিকা। এই জয়নাল আবেদিন কোন? এক সন্ত্ৰাসৰ নাম জয়নালক কংগ্ৰেছৰ শাসনত ৰক্ষনাবেক্ষন দিছিল কোনে? এইবোৰ লাহে লাহে পোহৰলৈ আহিছে।

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়া ছুটী, Swiggyয়ে ঘোষণা কৰিলে নতুন নীতি

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী...

ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযানত উৎকোচ লৈ হাতে লুটে ধৰা পৰিল জিএমচিৰ সহকাৰী অভিযন্তা

আজি ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযান চলাই। অভিযানত গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ লোৱাৰ সময়ত হাটে লোটে ধৰা পৰে। আজি...

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: