আগষ্টত অনুষ্ঠিত হ’ব নেচনেল ফিল্ম ফেষ্টিভেল

♦গুৱাহাটী:  কৰােণা মহামাৰীৰ বাবে সমগ্র পৃথিবীৰে চলচ্চিত্র মহােৎসৱ সমূহে প্রদর্শন চৰিত্ৰ সলনি কৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ব সংবাদ কেন্দ্র, অসমৰ উদ্যোগত   যােৱা মার্চ মাহতে অনুষ্ঠিত হ’ব লগা পঞ্চম চলচ্চিত্রম্ নেচনেল ফিল্ম ফেষ্টিভেল অন লাইন পদ্ধতিত অহা দহ আগষ্টৰ পৰা পােন্ধৰ আগষ্টলৈ অনুষ্ঠিত হ’ব বুলি বিশ্ব সংবাদ কেন্দ্র,অসমৰ সম্পাদক কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। আনহাতে, সাম্প্রতিক কৰ’না মহামাৰীৰ বাবে চলচ্চিত্র প্রতিযােগিতাতাে কিছু পৰিবর্তন অনা হৈছে । পৰিবেশৰ প্রতি লক্ষ্য ৰাখি যােগদানৰ মাচুলাে কিছু পৰিমাণে কমাই দিয়া হৈছে । আমাৰ ঐতিহ্য আমাৰ গৌৰব ’ বিষয়ৰ এই ছবি প্রতিযােগিতাত ‘ ফিল্মফ্রিৱেৰ মাধ্যমত যােগ দিব পৰা যাব বুলি আয়োজক সকলে জানিবলৈ দিছে। প্রতিযােগিতাত যােগদান কৰা অন্তিম তাৰিখ হ’ল ৩০ জুলাই । এই অনলাইন মহােৎসৱত পুৰষ্কৃত ছবিবােৰ প্ৰদৰ্শন কৰাৰ লগতে কেইখনমান পুৰণি বিখ্যাত অসমীয়া ছবি আৰু চলচ্চিত্রম মহােৎসৱত পূর্বতে পুৰষ্কাৰ লাভ কৰা ছবিও বিশেষভাবে প্রদর্শন কৰা হ’ব । যদি পৰিবেশ উন্নত হয় , তেনেহলে উদ্বোধনী অনুষ্ঠানৰ আয়ােজন কৰি এখন নতুন ছবিৰ প্রিমিয়াৰ কৰা হ’ব । মহােৎসৱ উপলক্ষে প্রকাশ পাবলগা স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিব মুম্বাইৰ প্রসিদ্ধ চিত্র সাংবাদিক জ্যোতি ভেংকটেশে । আগ্রহী লেখকে স্মৃতিগ্ৰন্থৰ বাবে ইংৰাজী বা হিন্দীত লেখা পঠিয়াব পাৰে । চলচ্চিত্ৰম ডট ইন ৱেবচাইটত মহােৎসৱৰ সকলাে তথ্য পােৱা যাব ।
প্ৰেৰক–
কিশোৰ শিৱম।
প্ৰচাৰ প্ৰমুখ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ।
উত্তৰ অসম।

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

PPFA demands probe over encroachers in Assam-Mizoram border

Guwahati: Expressing utter dismay over the Assam-Mizoram border conflicts where six Assam police personnel had to sacrifice their lives on 26 July 2021 evening,...

Dr Yunus inscribes Bangladesh’s name in Olympic history by Nava Thakuria

Guwahati: Bangladesh may not win a single medal in the Olympics till date, but millions of Bangladeshis found a reason this time to celebrate when Nobel...

নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান জৰুৰী ম’বাইল ফোন!!

♦ যি সময়ত ম'বাইল আসক্তিয়ে নৱম দশম শ্ৰেণীৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন কৰি পেলোৱাৰ দিশে গতি কৰিছে সেইটো সময়ত তেন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ হাতত এটি স্মাৰ্ট...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!