নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান জৰুৰী ম’বাইল ফোন!!

♦ যি সময়ত ম’বাইল আসক্তিয়ে নৱম দশম শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন কৰি পেলোৱাৰ দিশে গতি কৰিছে সেইটো সময়ত তেন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ হাতত এটি স্মাৰ্ট ফোন তুলি দিয়াটো কিমান গ্ৰহণযোগ্য?এইখিনি সময় নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বয়ঃসন্ধি সময়।এই সময়ত ছাত্ৰ-ছাত্ৰী যৌনগন্ধি অথৱা কোনো অশ্লীল ফটো, কথা,ভিডিওৰ প্ৰতি দুৰ্বলতা থাকে।সিহঁতৰ এইখিনি সময়ত যৌনতা সম্পৰ্কে অনুসন্ধিৎসু মন এটা থাকে,আৰু এইবোৰৰ প্ৰতি ঢাল খাই ।আৰু এইবোৰ সহজতে সেই বয়সৰ ল’ৰা-ছোৱালীয়ে ম’বাইলত বিছাৰি পাব আৰু এইবোৰৰ এটা বিৰূপ প্ৰভাৱ পৰিব ছাত্ৰ-ছাত্ৰীৰ মাজত,পঢ়াৰ প্ৰতি ধাউতি কমি যাব।ফলত হিতে বিপৰীত হ’ব।
     বৰ্তমান চলি থকা প্ৰাইভেট স্কুল সমূহৰ অনলাইন ক্লাছ সমূহৰ দ্বাৰা আয়ত্ত কৰিব পাৰিছে জানো সম্পূৰ্ণ পাঠদান।সিহঁত ম’বাইলৰ প্ৰতি বেছি আসক্ত হৈ পৰিছে কিতাপৰ পাঠগ্ৰহণৰ বিপৰীতে।ক্লাছ চলি থকা সময়তে ইজনে সিজনৰ লগত ছেটিং কৰি থকাৰ ফলত অনলাইন ক্লাছত ছাত্ৰ-ছাত্ৰীয়ে মনোযোগ নিদিয়া হৈ গৈছে।ফলত ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত পাঠগ্ৰহণ অথৱা জ্ঞান লাভৰ পৰা বঞ্চিত হৈছে।
     গেম সমূহত ল’ৰা-ছোৱালী এনেভাৱে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে য’ত ভাত পানী খাবলৈও পাহৰি যায়।সিহঁতৰ মগজুত কেৱল গেমৰ কথাই ডুলি থাকে।গেমৰ কথাই ক্ৰিয়া কৰি থাকে।ফলত ম’বাইলৰ প্ৰতি এনেদৰে আসক্ত হৈ পৰিছে যে তাৰবাবে বহু আত্মহত্যাৰ ঘটনাও নোহোৱাকৈ থকা নাই।গেমৰ বাবেই কোনোবা বলীয়া হোৱাৰ খবৰ নুশুনাকৈ থকা নাই।ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে।প্ৰত্যেক অভিভাৱকৰ আশা থাকে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰি ভাল মানুহ হ’ব।কিন্তু ম’বাইলৰ দ্বাৰা সেই আশা পূৰণ হ’বনে?য’ত ম’বাইল ফোন সেই বয়সৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বাধাস্বৰূপ।
       চৰকাৰী বিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ অভিভাৱক আৰ্থিকভাৱে সবল নহয় সেয়ে এই সিদ্ধান্ত লৈছে চৰকাৰে,মানি লৈছো।অনলাইন ক্লাছৰ বাবে নেটপেকৰ প্ৰয়োজন কিন্তু আমাৰ সমাজত কোনোমতে পেটে-ভাতে খাই থকা লোকো আছে।তেওঁলোকৰ জানো নেটপেক ভৰোৱা সামৰ্থ্য থাকিব প্ৰতিমাহতে?বহু ভিতৰুৱা ঠাইত এতিয়াও নেটৰ ব্যৱস্থা নাই,কাৰেণ্টৰ ব্যৱস্থা নাই তেনেকুৱা ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে ম’বাইল গ্ৰহণ কৰি চৰকাৰৰ পৰা অনলাইন ক্লাছ ঢুকি পাৱনে?
      গতিকে চৰকাৰক অনুৰোধ জনাও যে চৰকাৰে নৱম দশম তথা মহাবিদ্যালয়,বিশ্ববিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া অনলাইনৰ দ্বাৰা  নকৰি শিক্ষানুষ্ঠান সমূহৰ দ্বাৰা বিকল্প পদ্ধতিৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে।ক’ভিড প্ৰট’কল মানি সপ্তাহটোৰ ৬ দিনৰ এদিনত এক তৃতীয়াংশকৈ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি পাঠগ্ৰহণ কৰা বা দিয়াৰ ব্যৱস্থা কৰিলে মই ভাৱো কোনো ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নহব।কাৰণ প্ৰথম দিনত দুই-তৃতীয়াংশ উপস্থিত থকাৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় দিন আৰু তৃতীয় দিনত বাকী ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকি পাঠগ্ৰহণ কৰিব পাৰিব।আৰু তেনে কৰিলে এজন ছাত্ৰই সপ্তাহত দুদিন ক্লাছ কৰিব পাৰিব।ফলত শৈক্ষিক পৰিৱেশ সুস্থ হৈ উঠিব কৰ’নাকালত ঘৰতে আৱদ্ধ হৈ ম’বাইলৰ প্ৰতি বেছি আসক্ত হৈ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত।
শেৱালি দাস কলিতা
৯৭০৬৭৯১৩৬৭

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়া ছুটী, Swiggyয়ে ঘোষণা কৰিলে নতুন নীতি

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী...

ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযানত উৎকোচ লৈ হাতে লুটে ধৰা পৰিল জিএমচিৰ সহকাৰী অভিযন্তা

আজি ফাঁচীবজাৰত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ অভিযান চলাই। অভিযানত গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ লোৱাৰ সময়ত হাটে লোটে ধৰা পৰে। আজি...

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন

মুম্বাইৰ বিলাসী এপাৰ্টমেন্টৰ ১৯ মহলাত বিধ্বংসী অগ্নিকাণ্ড, বিল্ডিঙৰ পৰা সৰি পৰিল এজন মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: