মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট : ওদালগুৰি জিলাৰ মাজবাটৰ বানপিড়িত আশ্রয় শিবিৰ সমুহত ওদালগুৰি জিলা ইউ পি পি এল দলৰ ফালৰ পৰা কিছু খাদ্য সামগ্রী বিতৰন কৰা দেখা যায়। জানিব পৰা মতে ওদালগুৰি জিলা ইউ পি পি এল দলৰ ফালৰ পৰা সম্পাদক ৰতেন্দ্ৰ দৈমাৰীয়ে বান পীড়িত লোক সকলৰ মাজত আহি নিজ হাতেৰে কিছু খাদ্য সামগ্রী বিতৰন কৰে। খাদ্য সামগ্রী বিতৰন কৰা আশ্রয় শিবিৰ সমুহ হৈছে ২ নং বাথৌগুৰি প্রাথমিক বিদ্যালয় আশ্রয় শিবিৰ, ছোৰাংজুলি আশ্রয় শিবিৰ,বালা গাওঁ প্রাথমিক বিদ্যালয় আশ্রয় শিবিৰ, দেউচানী প্রাথমিক বিদ্যালয় আশ্রয় শিবিৰ।

ইউ পি পি এল দলৰ এনে মহানুভৱতাক সলাগ লয় আশ্রয় শিবিৰৰ লোক সকলে।ৰতেন্দ্ৰ দৈমাৰীয়ে সাংবাদিকক কয় যে বান পিড়িত লোক সকলৰ নিজৰ ঘৰ মাটি নদীৰ বুকুত বিলিন হৈছে। এতিয়া আশ্রয় শিবিৰত আশ্রয় লবলগীয়া হৈছে। তেখেত সকলৰ লগত সমভাগি হৈ ইউ পি পি এল দল সদায় তেখেত সকলৰ লগত থাকিব। খাদ্য সামগ্রী বিতৰন কাৰ্য্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা এছ টি বোৰ্ডৰ সভাপতি বিজন দৈমাৰী, মাজবাট ব্লক ইউ পি পি এল দলৰ সভাপতি ছবিন বসুমতাৰী আদিয়ে।