মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট : ওদালগুৰি জিলাৰ মাজবাটৰ আলাইশ্ৰী গাওঁত যোৱা ২০ জুন আবেলি ৩:২০ মান বজাত বজ্রপাত পৰি এজনী গৰ্ভৱতী মহিলা সহ দুজন শিশুৰ মৃত্যু হয় । জানিব পৰা মতে আবেলি ৩:২০ মান বজাত মাজবাট থানাৰ অন্তৰ্গত আলাইশ্ৰী গাওঁত ধাৰাসাৰ বৰষুণৰ দি থকাৰ মাজতে এক বিকট শব্দ হৈ বজ্রপাত পৰে। বজ্রপাত টো পৰাৰ লগে লগে আলাইশ্ৰী গাওঁ গৰ্ভৱতী মহিলা ৰেখা দৈমাৰী (২২)ৰ লগতে দুটা শিশু ক্ৰমে দুলোৰ বসুমতাৰী (১৩) মনোমতি বসুমতাৰী (১৪) বজ্রপাত পৰি থিতাতে মৃত্যু হয় বুলি জনা যায়৷ একে সময়ত বজ্রপাতে কাল অমানিশা নমাই আনিলে পৰিয়ালৰ মাজত। অঞ্চল জুৰি শোকৰ ছা পৰিছে। ওক্ত ঘটনাৰ খবৰ পোৱা মাত্রই মাজবাট ৰাজহ চক্রৰ চক্র বিষয়া উৎপল কুমাৰ ডেকা, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে পি শৰ্মায় এদল আৰক্ষী বাহিনী লৈ ঘটনা স্থলিলৈ ৰাউনা হৈ মৃত দেহ ছমজি লৈ ৰাতিয়ে মাজবাট থানালৈ লৈ আনে। যোৱা ২১ জুন ৰাতিপুৱা মাজবাট ৰাজহ চক্রৰ চক্র বিষয়া উৎপল কুমাৰ ডেকাৰ উপস্থিতিত আৰক্ষীয়ে মণোৰত্ত পৰিক্ষাৰ বাবে ওদালগুৰি লৈ প্রেৰন কৰে বুলি মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে পি শৰ্মায় সাংবাদিক জানিবলৈ দিয়ে।