দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপক কৰাটোক আদৰণি বনবাসী কল্যাণ আশ্ৰমৰ

প্ৰাগজ্যোতিষ বাৰ্তা:   দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে পক্ষেপ কৰাটো দেশৰ সমগ্ৰ জনজাতি সমাজৰ বাবে এক গৌৰৱৰ বিষয় । এন ডি এ চৰকাৰে এগৰাকী জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে পক্ষেপিত কৰাৰ পদক্ষেপক অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমে আদৰণি জনাইছে। অৰুণাচল প্ৰদেশৰ নামচাইত কল্যাণ আশ্ৰমৰ কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ বৈঠক চলি থকাৰ মাজতে লাভ কৰা  দ্ৰৌপদী মুৰ্মুক বিজেপি নেতৃত্বাধীন এন ডি এয়ে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ এই ভাল খবৰটোৱে সকলোকে আনন্দিত কৰি তুলিছে বুলি কল্যাণ আশ্ৰমে প্ৰকাশ কৰি লগতে কয়স্বাধীনতাৰ অমৃত মহোৎসৱ কালত সন্থাল জনজাতিৰ এগৰাকী মহিলাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা এন ডি এৰ যি সিদ্ধান্ত সেইয়া এক ঐতিহাসিক বুলি কল্যাণ আশ্ৰমে গণ্য কৰে।

দেশৰ পৰৰ্ৱতী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মক আদৰণি কল্যাণ আশ্ৰমৰ

ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য উপাদান আৰু এক গৌৰৱান্বিত পৰম্পৰাৰ বাহক হোৱা স্বত্বেও দেশৰ জনজাতীয় সমাজে বছৰ বছৰ ধৰি অৱহেলাৰ সন্মুখীন হ’ব লগা হৈছিল। দেশৰ এখন বৃহত্বৰ সমাজৰ প্ৰতিনিধিত্ব কৰা এগৰাকী জনজাতীয় মহিলাক দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত কৰাৰ এন ডি এ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীক ধন্যবাদ জনোৱাৰ উপৰিও দেশৰ ১২ কোটিতকৈও অধিক অৱহেলিত জনজাতীয় সম্প্ৰদায়ক সংশোধন কৰাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰে ।

উৰিষ্যাৰ নিবাসী দ্ৰৌপদীজীৰ সমগ্ৰ জীৱনটোৱেই এক সংগ্ৰামময় আছিল। অত্যন্ত প্ৰতিকূল পৰিস্থিতিত ৰাজনৈতিক ক্ষেত্ৰত কাম কৰাৰ সময়ছোৱাত তেওঁ ৰাজনীতিৰ সমান্তৰালকৈ সামাজিক ক্ষেত্ৰখনতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।  ঝাৰখণ্ডৰ দৰে ৰাজ্যৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হোৱাৰ সৌভাগ্যলাভ কৰিছিল। দেশৰ সকলো ৰাজনৈতিক দলকে একত্ৰিতহৈ দ্ৰৌপদীজীক বিনা প্ৰতিদ্বন্দিতাৰে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায় কল্যাণ আশ্ৰমে

 

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

Rs 5-crore bell-metal entrepreneur’s loans to be written off

Guwahati: Assam chief minister Himanta Biswa Sarma, during a day-long visit to Barpeta district on 29 September, took part in a number of events...

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী...

PFI নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: