মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কামৰ নামত কোনেও ফাঁকি দিব নোৱাৰে, বেয়া কাম কৰি কোনেও পইচা ল’ব নোৱাৰে:  পীযুষ হাজৰীকা

প্ৰাগজ্যোতিষ বাৰ্তা : জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চল ভ্ৰমণ কৰি বানত ক্ষতি হোৱা ননৈ আৰু শাকতোলা নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলকেইটাত শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় | প্ৰথমতে মন্ত্ৰীগৰাকীয়ে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙেলিঝাৰ অঞ্চলত ননৈ নদীৰ মথাউৰিৰ ভগ্ন অংশ পৰ্যবেক্ষণ কৰি উপস্থিত বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকলৰ লগত মথাউৰিৰ শীঘ্ৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থাৰ বিষয়ে কথা হয় | পাছত তেওঁ হাজৰিকাপাৰা অঞ্চলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা NDRF আৰু SDRF ৰ নাঁৱৰ সহায়ত শাকতোলা নদীৰ মথাউৰি ভাঙি সৃষ্টি হোৱা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু বানৰ ফলত জলমগ্ন হৈ থকা অঞ্চলৰ লোকসকলে আশ্ৰয় গ্ৰহণ কৰি থকা স্থানসমূহত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সুবিধা অসুবিধাসমূহৰ বুজ লয় | বানপীড়িতসকলে যাতে চৰকাৰৰ পৰা খাদ্য, চিকিৎসা, খোৱাপানী, আশ্ৰয় আদি প্ৰয়োজনীয় সকলো সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত আৰু বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।

    1. জলসম্পদ মন্ত্ৰী পীয়ুয হাজৰিকাৰ মথাউৰি পৰিদৰ্শন

আনহাতে আজিৰ পৰিদৰ্শনৰ সময়তে লগত যোৱা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে অসমৰ সকলো বানত ক্ষতিগ্ৰস্ত মথাউৰিৰ তালিকা প্ৰস্তুত কৰি জৰুৰীভাৱে মথাউৰিসমূহৰ মেৰামতিৰ বাবে অস্থায়ী কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে বাৰিষাৰ সময়খিনিত মথাউৰিৰ কাষৰীয়া মানুহসকলৰ যাতায়তৰ ব্যৱস্থা পুনৰ কৰি দিব পৰা যায় | আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই উপস্থিত সাংবাদিকৰে হোৱা কথা বতৰাত উল্লেখ কৰে যে দৰং জিলাৰ বানাক্ৰান্ত অঞ্চলৰ খবৰ তেওঁ প্ৰতি মূহুৰ্ততে লৈ আছে আৰু ননৈ আৰু শাকতোলা নদীৰ ভগ্ন মথাউৰি অস্থায়ীভাৱে মেৰামতিৰ বাবে বিভাগক ইতিমধ্যেই নিৰ্দেশ প্ৰদান কৰিছে |

আনহাতে বাৰিষাৰ সময়খিনিত ৰাইজৰ যাতায়ত আৰু আন সুবিধা হোৱাকৈ জৰুৰী অস্থায়ী কামহে কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কামসমূহ মাথো ৰাইজৰ সাময়িক সকাহৰ বাবেহে কৰা হৈছে | মথাউৰিৰ স্থায়ী মেৰামতি আৰু পুনৰনিৰ্মাণৰ কাম ডিচেম্বৰ মাহতহে আৰম্ভ কৰাতো সম্ভৱ বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে | আনহাতে সাংবাদিকে মথাউৰি পুনৰনিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে জৰুৰীভাৱে কৰা অস্থায়ী কামসমূহ কেতিয়াও স্থায়ী হ’ব নোৱাৰে আৰু এই অস্থায়ী কামসমূহৰ ভিত্তিত বিভাগৰ বিপক্ষে এনে অভিযোগ কৰাটো সমিচীন নহয় | মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কামৰ নামত কোনেও ফাঁকি দিব নোৱাৰে আৰু বেয়া কাম কৰি কোনেও পইচা ল’ব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এইবাৰৰ অত্যাধিক বৰষুণ আৰু ভূটান তথা ডিমা হাচাওৰ পৰা নামি অহা পানীয়ে প্ৰবল বানৰ সৃষ্টি কৰাৰ লগতে মথাউৰিসমূহৰ বিস্তৰ ক্ষতিসাধন কৰিছে যাৰ ফলত মধ্য অসম আৰু উত্তৰ তথা নামনি অসমৰ প্ৰায় ৩০ টা মান স্থানত নদীৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙিছে |

বন্যাৰ্তৰ সৈতে পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পীয়ুয হাজৰিকাই      আনহাতে বিভাগীয় বিষয়া-অভিযন্তা, উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ তৎপৰতা তথা বিধায়কসকলে অহৰ্নিশে কৰা কষ্টৰ ফলত বান হোৱা অঞ্চলকেইটাত ৫০ টাতকৈও অধিক স্থানত মথাউৰি ছিঙাৰ পৰা ৰক্ষা কৰিব পৰা গৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে | মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত সাংসদ দিলীপ শইকীয়া, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল |

 

 

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

One more journalist shot dead in Pakistan, PEC demands punishment to perpetrators

Geneva: Press Emblem Campaign (PEC), the Geneva-based global media safety and rights body, has demanded adequate punishment to perpetrators who were involved in the...

ৰঙিয়া মহকুমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত অনুদান বিতৰণ

 প্ৰাগজ্যোতিষ বাৰ্তা:  ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কাৰ্যালয়টোৰ প্ৰাংগনত আজি আয়োজিত এক অনুষ্ঠানত ৰঙিয়া মহকুমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ...

Rajya Sabha MP Pabitra Margherita appointed CM’s Political Secretary

Nayanjyoti Talukdar:  Assam Pradesh BJP spokesperson cum Rajya MP Pabitra Margherita has been appointed as Political Secretary to Chief Minister Dr Himanta Biswa Sarma....

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!

%d bloggers like this: