পাৰ্ল্লীত “শ্রীশ্রী বুঢ়াগোঁসাই নাট্য পৰিষদ” ৰ নাট্যাৰম্ভ

Date:

Share post:

দীপক শৰ্মা, গুৱাহাটী: আজি দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পাৰ্ল্লীত “শ্রী শ্রী বুঢ়াগোঁসাই নাট্য পৰিষদ” ৰ শুভ-নাট্যাৰম্ভ অতি মাংগলিক পৰিৱেশৰ মাজত আড়ম্বৰপূর্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। পুৱাভাগত শ্রীবিষ্ণু পূজা, শ্রীকৃষ্ণ গীতা পাঠৰ অন্তত নাৰিকল ভাঙে প্ৰবীণ শিল্পী উপেন কলিতাই। ইয়াৰ পিছত প্ৰয়াত শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাট্য পৰিষদৰ প্ৰয়োজক খৰ্গেশ্বৰ দাসে। ইয়াৰ পিছতে সাংবাদিক, লেখক, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত শুভ মহুৰৎ অনুষ্ঠান উদ্ধোধন কৰি কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিল্পী নৰেন দাসে কয়- “মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আৰম্ভ কৰা অমিয়া বীজ আজিলৈ উদ্ভাষিত হৈ আছে। চিৰকাললৈ থাকিব।” নাট উদ্ধোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক তথা বিশিষ্ট নাট্যকাৰ, পৰিচালক ড০ জগদীশ পাটগিৰিয়ে কয়- দক্ষিণ কামৰূপৰ যাত্রা পাৰ্টি বিশ্ববিশ্ৰুত। ইতিহাসৰ পাটত সুকীয়া নাম আছে। যাত্রা দলে দক্ষিণ কামৰূপৰ বহু সুপ্ত প্ৰতিভা জিলিকাই তুলিছে। আন এখন নাট উদ্ধোধন কৰে বকো জে এন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অৱনী কুমাৰ দাসে। সভাত বিশিষ্ট সাংবাদিক-সাহিত্যিক হেমন্ত কুমাৰ ভড়ালী, কবি-শিল্পী অমৰেন্দ্ৰ নাথ বৰুৱা, ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা ভবানী কলিতা, আবৃত্তিকাৰ গোপাল কলিতা, নাট পৰিচালক-অভিনেতা অমূল্য কুমাৰ, ছয়গাঁৱৰ শ্রী বিষ্ণু জ্যোতি নাট্য পৰিষদৰ প্ৰয়োজক বিপুল কুমাৰ দাস, সংগীত পৰিচালক আদিত্য কলিতা, গোৱালপাৰাৰ খগেন ৰয়, অভিনেত্রী বিউটি দাস, আঞ্চলিক সদস্য ইৰাৱতী দাস, কবি-শিক্ষক সুৰেশ কলিতাই বিশিষ্ট অতিথিৰ ভাষণত সমাজ জীৱনত যাত্রা জগতৰ ভূমিকাৰ বিষয়ে বহলাই ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানত নিতু কোঁৱৰ, প্ৰদীপ কলিতাই গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব বৰ্দ্ধন কৰে। এইবেলি শ্রী শ্রী বুঢ়াগোঁসাই নাট্য পৰিষদে মঞ্চস্থ কৰিব হিমুৰাজ ৰচিত “বলিশালত তেজৰ চেকুৰা” আৰু দিলীপ দাসৰ নাট্যৰূপ “অসীমত যাৰ হেৰাল সীমা” । নাট দুয়োখন পৰিচালনা কৰিব অমূল্য কুমাৰে। অনুষ্ঠানত ভালেসংখ্যক শিল্পী, কলা-কুশলী উপস্থিত আছিল। উল্লেখ থাকে যে এই নাট্য দলটো ১৯৩৫ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: