ডামচাও গিৰিণ মহুং বৰুৱাৰ সোঁৱৰণত অনুষ্ঠিত মাৰ্ঘেৰিটা টাউন হাইস্কুলত টাই ভাষা পাঠদান কর্মশালা সফল সামৰণি

Date:

Share post:

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞাঃ ডামচাও গিৰিণ মহুং বৰুৱা সোঁৱৰণত অনুষ্ঠিত কৰা টাই ভাষাৰ পাঠদান কর্মশালা ও সাংস্কৃতিক সমাৰোহৰ আজি সামৰণি পৰে। এই পাঠদান, কর্মশালা আৰু সাংস্কৃতিক সমাৰোহখনি ১ জুলাইত শুভাৰম্ভ কৰা হৈছিল। মাৰ্ঘেৰিটাৰ টাউন হাই স্কুলত এমাহযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই টাই ভাষাৰ পাঠদান, কর্মশালা আৰু সাংস্কৃতিক সমাৰোহৰ শুভ উদ্ধোধন কৰিছিল মাৰ্ঘেৰিটা মহকুমাধিপতি মানচাও পলাশ ৰাজকুমাৰ আহোমে। আজি পুৱা মাৰ্ঘেৰিটা স্থিত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পূর্ণাংগ প্রতিমূর্তিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।সামৰণি অনুষ্ঠানৰ মুকলি সভাত টাই আহোমৰ বিশিষ্ট পণ্ডিত, শুভাকাঙ্খী সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত মুকলি সভাৰ পৰিচালন সমিতিৰ মুখ্য সম্পাদক চাও ৰুবুল ফুকনে আঁ‌ত ধৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি চাও প্ৰণৱ গগৈয়ে। এই অনুষ্ঠানত টাই আহোমৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামৰণিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি টাই আহোমৰ এক সাংস্কৃিতিক সমাৰোহৰো আয়োজন কৰা হয়।

সাংস্কৃতিক সমাৰোহত টাই আহোমৰ কলা সংস্কৃতি প্ৰতিফলিত কৰা হয়। টাই আহোমৰ ভাষা সংস্কৃতি চৰ্চাই অসমীয়া জাতিটোক অধিক সমবৃদ্ধিশালি কৰিব বুলি উদযাপন সমিতিৰ সহ সম্পাদক অজিৎ বেজবৰুৱাই সংবামাধ্যমক জানিবলৈ দিয়ে। অন্যহাতে আজিৰ মুকলি সভাত এমহীয়া টাই ভাষাৰ শিক্ষাদিয়া চাৰিগৰাকী শিক্ষক শিক্ষয়িত্ৰী সহ ডামচাও গিৰিণ মহুং বৰুৱাৰ পৰিয়ালবৰ্গক বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে এমহীয়া কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: